ETV Bharat / state

পূৱ মাজুলী মহাবিদ্যালয়ত ৰক্তদান শিবিৰ

author img

By

Published : Aug 26, 2022, 10:09 PM IST

Blood donation camp held at East Majuli College
পূৱ মাজুলী মহাবিদ্যালয়ত আয়োজন ৰক্তদান শিবিৰ

পূৱ মাজুলী মহাবিদ্যালয়ত আয়োজন কৰা হয় ৰক্তদান শিবিৰৰ (Blood donation camp held at East Majuli College) ৷ অসম কলেজ শিক্ষক সংস্থা মাজুলী মণ্ডলৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ লগতে প্ৰাক্তন ছাত্ৰ সমাৰোহ সমিতি সহযোগত আয়োজন কৰা এই শিবিৰত মহাবিদ্যালয়খনৰ বৰ্তমানৰ লগতে বহু প্ৰাক্তন শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ৷

মাজুলী, 26 আগষ্ট : শুকুৰবাৰে মাজুলীৰ আগশাৰীৰ মহাবিদ্যালয় পূৱ মাজুলী মহাবিদ্যালয়ত এটা বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় (Blood donation camp held at East Majuli College) । অসম কলেজ শিক্ষক সংস্থা মাজুলী মণ্ডলৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ লগতে প্ৰাক্তন ছাত্ৰ সমাৰোহ সমিতি সহযোগত আয়োজন কৰা হয় এই শিবিৰৰ ।

পূৱ মাজুলী মহাবিদ্যালয়ত আয়োজন ৰক্তদান শিবিৰ

শুকুৰবাৰে পুৱাৰে পৰা আয়োজন কৰা এই শিবিৰত মাজুলী মহাবিদ্যালয়ৰ বৰ্তমান কেইবাগৰাকী শিক্ষাৰ্থীৰ লগতে বহু কেইজন প্ৰাক্তন শিক্ষাৰ্থীয়েও ৰক্তদান কৰে । ৰক্তদান কৰা শিক্ষাৰ্থীকেইগৰাকীয়ে কয়, ‘‘ৰক্ত দান মহান দান ৷ এনেদৰে ৰক্তদান কৰিবলৈ পাই আমি সুখী অনুভৱ কৰিছো ৷ কিয়নো আমি দিয়া এটোপাল ৰক্তই কাৰোবাৰ জীৱন বচাব পাৰে’’ ৷

লগতে সকলোকে এই ৰক্তদানৰ দৰে কাৰ্যসূচীত আগবাঢ়ি আহিবলৈও অনুৰোধ জনায় ‌।

ইফালে শিক্ষাৰ্থীসকলে এনেদৰে ৰক্তদান কৰিবলৈ ওলাই অহা দেখি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ মাজতো উৎসাহ পৰিলক্ষিত হয় ৷ তেওঁলোকে কয়, শিক্ষাৰ্থীসকলে এনেদৰে ৰক্তদান কৰিবলৈ অহাটো এটা শুভ লক্ষণ ( Coming to donate blood is a good sign) বুলি অভিহিত কৰে ।

লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.