ETV Bharat / state

Bridge construction site in Majuli: নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰীয়েই ক’লে, মাজুলীৰ দলং নিৰ্মাণস্থলীত চলে কু-কৰ্ম

author img

By

Published : Nov 18, 2022, 4:46 PM IST

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দ্বায়িত্বত থকা কোম্পানীটোৰ একাংশ শীৰ্ষ বিষয়াই কৰ্মস্থলীত জড়িত থাকে বিভিন্ন কু কৰ্মত (Involved in various misdeeds in workplace) ৷ তেওঁলোকৰ এই কাৰ্যত সহযোগ নকৰাৰ বাবেই প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কোম্পানীটোৰে এগৰাকী শ্ৰমিকে ৷

misdeeds at bridge construction site in Majuli
দলং নিৰ্মাণ কৰিবলৈ অহা শ্ৰমিকক প্ৰহাৰ

মাজুলী,১৮ নৱেম্বৰ: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোন মাজুলী-যোৰহাট সংযোগী দলং । প্ৰথমে যদি দলঙৰ খুটাত কেণা এইবাৰ আকৌ মাজুলী-যোৰহাট সংযোগী দলঙত কাম কৰিবলৈ অহা শ্ৰমিকক মাৰপিট । মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম কৰিবলৈ অহা একংশ শ্ৰমিক আৰু কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে বিভিন্ন ধৰণৰ অসৎ কৰ্মত লিপ্ত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া (Misdeeds at bridge construction site in Majuli) ৷

বহুবাৰ স্থানীয় ৰাইজে এই শ্ৰমিক সকলক সকিয়নী দি আহিছে যদিও শেহতীয়াকৈ দলঙৰ কাম কৰিবলৈ অহা শ্ৰমিকৰ মাজতেই অলপতে হতাতিৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ যাক লৈ দলং নিৰ্মাণ স্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়(Heated situation in Majuli) ৷ জানিব পৰা মতে ক্ৰেণ অপাৰেটৰ সন্দীপ কুমাৰ নামৰ শ্ৰমিকজনক তেওঁৰে একাংশ সতীৰ্থই মিলি মাৰপিট কৰাৰ অভিযোগ তুলিছে খোদ সন্দীপ কুমাৰেই ৷

নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰীয়েই ক’লে, মাজুলীৰ দলং নিৰ্মাণস্থলীত চলে কু-কৰ্ম

যোৰহাট হাতীশালত সংঘটিত এই ঘটনাৰ পিছত যুৱকজনক আন একাংশ সহযোগীয়ে উদ্ধাৰ কৰি মাজুলীলৈ আনে যদিও মাজুলীত থকা কোম্পানীটোৰ উচ্চ পদস্থ বিষয়াই সহযোগ নকৰি আঘাতপ্ৰাপ্ত শ্ৰমিক তথা ক্ৰেণ অপাৰেটৰজনক অন্য স্থানলৈহে ট্ৰান্সফাৰ দিয়াৰ ব্যৱস্থা কৰাত খৰ্গহস্ত হৈ পৰে শ্ৰমিক সন্দীপ কুমাৰ ৷ শ্ৰমিকজনক অন্য স্থানলৈ স্থানান্তৰ কৰি তেওঁক হত্যাৰ পৰিকল্পনা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে দলং নিৰ্মাণৰ দ্বায়িত্বত থকা বি আৰ চি কোম্পানীৰ পৰা পাব লগা প্ৰাপ্য মজুৰি মুকলি কৰি দিবলৈ আহ্বান জনাই এই মজুৰি পালেই তেওঁৰ বিহাৰস্থিত নিজ ঘৰলৈ ঘূৰি যাব বুলি উল্লেখ কৰে ।

কিন্তু কোম্পানীটোয়ে এই লৈ সামান্যত্বমো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী শ্ৰমিকজনে ৷ ইফালে কোম্পানীটোৰ একাংশ উচ্চ পদস্থ বিষয়াই কৰ্মস্থলীত কোনো মহিলাৰ সৈতে অসৎ কাৰ্যত জড়িত হোৱা বুলিহে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁলোকৰ এই কাৰ্যত সহযোগ নকৰাৰ বাবেই সন্দীপক প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰি কোম্পানীটোৰ গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত তদন্তৰ দাবী জনাইছে ৷ আনফালে কোম্পানীটোৰ বিষয়াসকলে এই অভিযোগ নস্যাৎ কৰি ইয়াক সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: Athletics training camp: বোকাখাতত এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ মুকলি মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.