ETV Bharat / state

All Assam Ankiya Bhaona Samaroh: মাজুলীৰ ঐতিহাসিক খাটপথাৰত অংকীয়া ভাওনা সমাৰোহ

author img

By

Published : Jan 1, 2023, 10:04 AM IST

সত্ৰনগৰী মাজুলীৰ খাটপথাৰত উখল-মাখল পৰিৱেশ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক খাটপথাৰত আয়োজন কৰা হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh)।

All Assam Ankiya Bhaona Samaroh in Majuli
খাটপথাৰত অংকীয়া ভাওনা সমাৰোহ

খাটপথাৰত অংকীয়া ভাওনা সমাৰোহ

মাজুলী, 1 জানুৱাৰী: সত্ৰভূমি মাজুলীত অংকীয়া ভাওনা সমাৰেহেৰে নতুন বৰ্ষক আদৰাৰ প্ৰস্তুতি তুংগত ৷ সদৌ অসম অংকীয়া ভাওনা সমাৰোহক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ ঐতিহাসিক খাটপাথাৰত (All Assam Ankiya Bhaona Samaroh in Majuli) ৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া সৃষ্টি অংকীয়া ভাওনা ৷ সেই অমৰ সৃষ্টি জীয়াই ৰাখিবৰ বাবেই আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh)৷

শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈয়ে আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত 2023 চনৰ জানুৱাৰী মাহৰ 6, 7, 8 তাৰিখৰ পৰা মাজুলীৰ ঐতিহাসিক খাটপথাৰত অনুস্থিত হ’ব সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ।

এই অংকীয়া ভাওনা সমাৰোহভাগ অনুষ্ঠিত কৰিবৰ বাবে সকলো ব্যস্ত হৈ পৰিছে ৷ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে খাটপথাৰৰ ভাওনাস্থলী ৷ ভাওনা সমাৰোহক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ 2023 বৰ্ষত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়াকৈ অনুস্থিত হ’বলগা সদৌ অসম অংকীয়া ভাওনা সমাৰোহখনিত অসমৰ বিভিন্ন প্ৰান্তৰ 12 খনকৈ অংকীয়া ভাওনাই অংশগ্ৰহণ কৰিব ।

এই ভাওনা সমাৰোহত একে সময়তে 4 খনকৈ ভাওনা একেলগে প্ৰদৰ্শন কৰা হ'ব যাৰ কাৰণে 4 টাকৈ নামঘৰ নিৰ্মাণ কৰা হৈছে ৷ একে সময়তে এই চাৰিটা নামঘৰত পুৰুষৰ নাম, মহিলাৰ নাম অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে ৷ ভাওনা সমাৰোহৰ প্ৰথম কাৰ্যসূচীত 1000 নামতীয়ে দিহানাম পৰিৱেশন কৰাৰ পৰিকল্পনা কৰিছিল আয়োজকসকলে ৷ কিন্তু এই ভাওনা মহোৎসৱ উদযাপন কৰিবৰ বাবে ৰাইজৰ মাজত উৎসাহ দেখি প্ৰায় 2000 গৰাকী নামতীয়ে দিহানাম পৰিৱেশন কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে ।

ইফালে শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্ম জয়ন্তীৰ (Shrimanta Sankardeva 575 birth anniversary)লগত সংগতি ৰাখি 575 জোৰা গায়ন বায়ন প্ৰদৰ্শনৰ প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজকসকলে । ইয়াৰ উপৰিও এই তিনিটা দিনত আলোচনা চক্ৰকে আদি কৰি আন আন বিভিন্ন অনুষ্ঠান হ’ব বুলি জানিব পৰা গৈছে । বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুস্থিত কৰিবলৈ পৰিকল্পনা কৰা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: Assam District Remerged: বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.