ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মাজুলীত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Sep 7, 2021, 12:54 PM IST

ajycp protest against nhpc
নদী বান্ধৰ বিৰুদ্ধে মাজুলীত AJYCPৰ প্ৰতিবাদ

সোমবাৰে প্ৰতিবাদমুখৰ হৈ উঠিল মাজুলী ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিল মাজুলীৰ সদৰ গড়মুৰ ৷

মাজুলী, 7 ছেপ্তেম্বৰ : তীব্ৰতৰ হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ প্ৰতিবাদ ৷ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছে ৰাজ্যৰ জাতীয় দল-সংগঠনসমূহ ৷ একেদৰেই এই ধাৰা অব্যাহত ৰাখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

ajycp protest against nhpc
নদী বান্ধৰ বিৰুদ্ধে মাজুলীত AJYCPৰ প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত সোমবাৰে কেইবাখনো জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত গড়মুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ৰাইজৰ তীব্ৰ বিৰোধ স্বত্বেও চৰকাৰ তথা কৰ্তৃপক্ষই নিৰ্মাণ কৰিব বিচৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচটাকৈ ডাইভাৰটিং টানেল বৰষুণৰ পানীয়ে ইতিমধ্যে তচনচ কৰিছে । ইয়াৰ ফলত পাহাৰ খহি বিপদ নামি আহিছে প্ৰকল্পটোলৈ । এই কথাক লৈ শংকিত হৈ পৰিছে ৰাইজ তথা বিভিন্ন দল-সংগঠন ৷

লগতে পঢ়ক: কাগজকল সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান AJYCPৰ

প্ৰতিবাদস্থলীৰ পৰাই অসম তথা কেন্দ্ৰীয় চৰকাৰ আৰু NHPC কৰ্তৃপক্ষক হুংকাৰ প্ৰতিবাদকাৰীৰ, ‘মাজুলী, ধেমাজি, লখিমপুৰ আদিকে কৰি উত্তৰ অসমৰ লক্ষ লক্ষ জনতাক মৃত্যুমুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ কোনো কাৰণতে নিৰ্মাণ কৰিবলৈ দিয়া নহয় । সোৱণশিৰিৰ নদীবান্ধে অসমৰ সভ্যতা-সংস্কৃতি আৰু ইতিহাস সম্পূৰ্ণৰূপে ধ্বংস কৰিব’ ।

মাজুলীত AJYCPৰ প্ৰতিবাদ

আনহাতে, এই নদী বান্ধৰ জৰিয়তে উন্নয়নৰ নামত অসমৰ ভৌগোলিক সৌন্দৰ্য ধ্বংস কৰিব বিচাৰিছে চৰকাৰে ৷ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা আন সৰু সৰু নদী বান্ধসমূহে উত্তৰ অসমৰ মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । প্ৰায় প্ৰতি বছৰে এই সৰু সৰু নদীবান্ধৰ পানীয়ে উত্তৰ অসমৰ জনতাক হাৰাশাস্তি কৰি আহিছে ৷ তেনেস্থলত এই বৃহৎ নদীবান্ধে কি কৰিব সেয়া সহজে অনুমেয় ।

লগতে পঢ়ক: বৃহৎ নদী বান্ধ: NHPC, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ মাজুলী জিলা সন্থাই অংশগ্ৰহণ কৰে । অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, NHPC GO Back আদি বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । সকলোৰে এটাই কথা, কোনো কাৰণত নিৰ্মাণ কৰিবলৈ দিয়া নহয় এই বৃহৎ নদীবান্ধ ।

লগতে পঢ়ক: তীব্ৰতৰ হৈছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.