তীব্ৰতৰ হৈছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন

author img

By

Published : Sep 6, 2021, 6:37 PM IST

anti-big-dam-protest-by-ajycp
তীব্ৰতৰ হৈছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন ()

সোমবাৰেও নামনি-সোৱনশিৰি প্ৰকল্পৰ বন্ধৰ দাবীত সোমবাৰে ৰাজ্য জুৰি যুৱ ছাত্র পৰিষদৰ ধৰ্ণা-প্ৰতিবাদী সমদল । প্ৰকল্প স্থলীত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা কাৰ্যক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে সংগঠনটোৱে ৷

লখিমপুৰ, 6 ছেপ্টেম্বৰ : বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছে ৰাজ্যৰ জাতীয় দল-সংগঠন সমূহ ৷ একেদৰেই এই ধাৰা অব্যাহত ৰাখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও । নামনি-সোৱশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত সোমবাৰে কেইবাখনো জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী সমদল-ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷ লখিমপুৰতো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে পৰিষদৰ শতাধিক কৰ্মীয়ে ৷

উল্লেখযোগ্য যে, ৰাইজৰ তীব্ৰ বিৰোধ স্বত্তেও চৰকাৰ তথা কৰ্তৃপক্ষই নিৰ্মাণ কৰিব বিচৰা নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচটাকৈ ডাইভাৰটিং টানেল বৰষুণৰ পানীয়ে ইতিমধ্যে তচনচ কৰিছে । ইয়াৰ ফলত থুনুকা পাহাৰ খহি বিপদ নামি আহিছে প্ৰকল্পটোলৈ । এই কথাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাইজ তথা বিভিন্ন দল সংগঠন ৷ ইয়াকে লৈ এতিয়া পুনৰ তীব্ৰতৰ হৈছে দল সংগঠনৰ নদী বান্ধ বিৰোধী আন্দোলন ৷

তীব্ৰতৰ হৈছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন

সোমবাৰে লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে কৰা আন্দোলনত বিয়লি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি আহি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে প্ৰতিবাদকাৰী সকলে । কেন্দ্ৰ, ৰাজ্য চৰকাৰ, এন এইচ পি চি, আৰু জিলা প্ৰশাসনক ধিক্কাৰ দি ধৰ্ণা দিয়ে প্ৰতিবাদ কাৰী সকলে ।

বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ মানিবলৈ দাবী জনোৱাৰ লগতে ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰকল্পটোৰ নিৰ্মাণ বন্ধ কৰিবলৈ দাবী জনায় প্ৰতিবাদ কাৰী সকলে । ইয়াৰোপৰি প্ৰকল্প স্থলীত আনহে নালাগে সাংবাদিকৰ প্ৰৱেশো নিষিদ্ধ কৰা কাৰ্যক লৈয়ো অসন্তুষ্টি ব্যক্ত কৰে সংগঠনটোৱে ৷ ইফালে বিৰোধী পক্ষত থাকোতে নদী বান্ধৰ বিৰোধ কৰা বিজেপিয়ে এতিয়া শাসনভাৰ লাভ কৰাৰ পিছত স্থিতি সলোৱাৰ বিষয়টোক লৈয়ো সম্প্ৰতি আন আন সংগঠনৰ লগতে ৰাইজেও চৰম আশ্চৰ্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.