ETV Bharat / state

World Tourism Day 2023:লখিমপুৰৰ গ্ৰাম্যানুভূতিত বিশ্ব পৰ্যটন দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:44 PM IST

World tourism day 2023
বিশ্ব পর্যটন দিৱস ২০২৩

আজি বিশ্ব পৰ্যটন দিৱস । সমগ্র বিশ্বই এই দিৱস প্ৰতিবছৰে পালন কৰি আহিছে । অসমতো বিভিন্ন স্থানত পালন কৰা হৈছে এই দিৱস । ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰ নগৰৰ সমীপৰ লাহন গাঁৱত থকা গ্ৰাম্যানুভূতিতো পালন কৰা হয় ।

বিশ্ব পর্যটন দিৱস ২০২৩

লখিমপুৰ, ২৭ ছেপ্টেম্বৰ: লখিমপুৰৰ গ্ৰাম্যানুভূতিত আজি বিশ্ব পর্যটন দিৱস পালন কৰা হয় । প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰৰ দিনটো সমগ্র বিশ্বই পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে । এই দিনটোত চৰকাৰী বা বেচৰকাৰীভাৱে পৰ্যটন দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই দিৱস উপলক্ষে বুধবাৰে লখিমপুৰত গ্ৰাম্য পৰ্যটনৰ বাটকটীয়া স্বৰূপ গ্ৰাম্যানুভূতিত বিভিন্ন কাৰ্যক্ৰমৰ আয়োজন কৰা হয় ।

অসমত নতুনকৈ গঠিত অল আছাম টুৰিষ্ট গাইড এছোচিয়েশ্যনৰ উদ্যোগত আৰু লখিমপুৰ জিলাৰ গ্ৰাম্যানুভূতিৰ সহযোগত এই বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয় । সেই উপলক্ষে পূৱা কাৰ্যসূচী ৰূপে ফুলগছ ৰোপণেৰে আৰম্ভ কৰা হয় । উক্ত অনুষ্ঠানত লখিমপুৰত নতুনকৈ গঢ় লৈ উঠা গ্ৰাম্য পৰ্যটনৰ লগত জড়িত টঙি ঘৰ জৈৱিক কৃষি প্ৰকল্প, সেউজ মিত্ৰৰ সদস্যসকল উপস্থিত থাকে । পৰ্যটনৰ ক্ষেত্রত ভৱিষ্যতে কেনেধৰণে লখিমপুৰৰ এই গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰতা বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় ।

উল্লেখ্য যে লখিমপুৰত গ্ৰাম্য পৰ্যটনৰ ক্ষেত্রত গ্ৰাম্যানুভূতি, টঙিঘৰ আদিয়ে কাম কৰি আছে । ইতিমধ্যে দেশী -বিদেশী পৰ্যটকে এই ক্ষেত্রসমূহত খোজ পেলাইছে । ভবিষ্যতে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্রত আৰু অধিক শক্তিশালী ৰূপত সজাই পৰাই তুলি বহুমূখী নিয়োগ সম্ভাৱনীয়তাৰ লক্ষ্যৰে তেওঁলোকে কাম কৰি আছে । অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনৰ এক নিটোল ছবি তুলি ধৰি দেশ -বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰি গৌৰৱবোধ কৰাৰ লগতে তেওঁলোকে বহুল ৰূপত নিয়োগ সম্ভাৱনীয়তাৰ দুৱাৰো মুকলি কৰিছে ।

আজিৰ বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচীত তেনে বিষয়বস্তুক সামৰি আলোচনা কৰি তেওঁলোকে এক সুন্দৰ ভবিষ্যতৰ সপোন সাকাৰ কৰাৰ আঁচনি ৰূপায়ন কৰিছে । এই বছৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে পৰ্যটন আৰু সেউজ বিনিয়োগ, যিয়ে পৰিৱেশৰ প্ৰতি দায়বদ্ধ পৰ্যটন পদ্ধতিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :BJP Slams Lurinjyoti Gogoi: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চন লুৰীণজ্যোতি গগৈ; মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.