ETV Bharat / state

Unknown person cuts trees : ঘুনাসূতিত দুৰ্বৃত্তই কাটি তহিলং কৰিলে মনোৰঞ্জন টাইদে ৰোপণ কৰা বহু মূল্যবান গছ

author img

By

Published : Jun 3, 2023, 12:25 PM IST

লখিমপুৰৰ ঘুনাসূতিত দুৰ্বৃত্তৰ তাণ্ডব । এজন যুৱকে বহু কষ্টৰে ৰোপণ কৰি ডাঙৰ দীঘল কৰা তিনি বিঘা মাটিৰ গছ-গছনি কাটি তহিলং কৰিলে দুৰ্বৃত্তই (Unknown person cuts trees in Lakhimpur) ৷ শোকত ম্ৰিয়মান এতিয়া যুৱকজন ৷

Unknown person cuts trees in Lakhimpur
লখিমপুৰৰ ঘুনাসূতিত দুৰ্বৃত্তৰ তাণ্ডব

লখিমপুৰৰ ঘুনাসূতিত দুৰ্বৃত্তৰ তাণ্ডব

লখিমপুৰ ৩ জুন : লখিমপুৰ জিলাৰ ঘুণাসূতি চলিচুকত দুৰ্বৃত্তৰ তাণ্ডৱ ৷ দুৰ্বৃত্তই কাটি নষ্ট কৰিলে বহু মূল্যবান গছ ৷ বিৱৰণি অনুসৰি, আত্মসংস্থাপনৰ উদ্দেশ্যৰ লখিমপুৰৰ ঘুণাসূতি গাঁও পঞ্চায়তৰ চলিচুক গাঁও নিবাসী মনোৰঞ্জন টাইদে তিনি বিঘা মাটিত ৰোপণ কৰিছিল বহু মূল্যবান গছ ৷ টাইদৰ এই বাগানখনত আছিল কল গছ আৰু শিমলু গছৰ পুলি (Unknown person cuts trees in Lakhimpur) ৷

কিন্তু দুদিন পূৰ্বে আন্ধাৰৰ সুযোগ লৈ কোনো অচিনাক্ত দুৰ্বৃত্তই মনোৰঞ্জন টাইদৰ বাগানত প্ৰৱেশ কৰি সমূহ গছ আধাতে কাটি পেলায় ৷ অতি কষ্টৰে ৰোপণ কৰা মূল্যবান গছৰবোৰৰ এনে অৱস্থা দেখি চিন্তিত হৈ পৰিছে এতিয়া যুৱকজন ৷ কি কৰিব, ক’লৈ যাব ৷ একপ্ৰকাৰে নিৰুপায় হৈ পৰিছে ভুক্তভোগী মনোৰঞ্জন টাইদ ৷

জানিব পৰা মতে, গাঁওখনৰ মনোৰঞ্জন টাইদে তিনি বছৰৰ আগতে কিছু মাটি কিনি লৈ প্ৰায় তিনি বিঘা মাটিত বহু গছৰ পুলি ৰোপণ কৰিছিল ৷ বিশেষকৈ তেওঁ ৰোপণ কৰিছিল শিমলু গছৰ পুলিৰ লগতে কল গছৰ পুলিও । লক্ষ্য আছিল আত্মসংস্থাপন আৰু এটা সেউজ পৰিৱেশ গঢ় দিয়া ।

প্ৰায় তিনি বছৰৰ পৰা যুৱকজন এই কামত জড়িত হৈ আছিল । বিশেষকৈ বিলুপ্তপ্ৰায় প্ৰকৃতিৰ জমাদাৰ ৰূপে অভিহিত শগুণৰ আৱাসস্থলী কৰিব বিচাৰিছিল তেওঁ ৰোৱা শিমলু গছবোৰক । কিয়নো শগুণে সাধাৰণতে শিমলু গছত বাহ লয় । কিন্তু দুষ্কৃতিকাৰীৰ এই অপকৰ্মত এতিয়া ম্ৰিয়মান হৈ পৰিছে এতিয়া যুৱকজন ৷

উল্লেখযোগ্য যে, বৃহত্তৰ ঘুনাসূতি এসময়ত শিমলু গছেৰে ভৰি আছিল । গছসমূহৰ সৰহ ভাগতে শগুণৰ আৱাস স্থল আছিল। কিন্তু সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰি গছসমূহ নোহোৱা হৈ পৰিল । এই দিশটো লক্ষ্য কৰিয়েই মনোৰঞ্জন টাইদে শিমলু গছৰ পুলি ৰোপণ কৰিছিল । কিন্তু সপোন সফল বোৱাৰ পূৰ্বেই দুৰ্বৃত্তৰ জিঘাংসাৰ বলি হ’ল মনোৰঞ্জন ।

লগতে পঢ়ক : Lakhara woman Murder case update : ৰঙাঘৰৰ আলহী হ’ল লালুংগাঁৱৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.