ETV Bharat / state

Critical Care Centre in Lakhimpur: লখিমপুৰৰ ক্ৰিটিকেল কেয়াৰ কেন্দ্রৰ ভাৰ্চুৱেলী শিলান্যাস কেন্দ্রীয় স্বাস্থ্যমন্ত্রীৰ

লখিমপুৰ লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাল চৌহদত নিৰ্মাণ হ'বলগীয়া ক্ৰিটিকেল কেয়াৰ চিকিৎসা কেন্দ্রটো দেওবাৰে বিয়লি ভাৰ্চুৱেলী দিল্লীৰ পৰা শিলান্যাস কৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে । এই উপলক্ষে চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাল চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Lakhimpur Medical College Hospital
লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাল

Published : October 15, 2023 at 7:36 PM IST

Choose ETV Bharat
লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাল

লখিমপুৰ, ১৫ অক্টোবৰ : লখিমপুৰ জিলাবাসীৰ বাবে আৰু এটা সুখবৰ । এইবাৰ লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল চৌহদত নিৰ্মাণ হ'ব ৫০ বিছনাযুক্ত ক্ৰিটিকেল কেয়াৰ চিকিৎসা কেন্দ্র । দেওবাৰে নিৰ্মাণ হ'ব ৫০ বিছনাযুক্ত ক্ৰিটিকেল কেয়াৰ চিকিৎসা কেন্দ্রৰ ভাৰ্চুৱেলী শিলান্যাস কৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মান্দাভিয়াই । কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মান্দাভিয়াই ভাৰ্চুৱেলী শিলান্যাস কৰি অসমৰ বিকাশ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন সম্পৰ্কে ব্য়াখ্য়া কৰে ।

লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাল চৌহদত স্থাপন হ'বলগীয়া ৫০ খন বিছনাযুক্ত বিশেষ ক্ৰিটিকেল কেয়াৰ চিকিৎসা কেন্দ্রৰ দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মান্দাভিয়াই ভাৰ্চুৱেলী শিলান্যাস কৰা চিকিৎসা মহাবিদ্য়ালয়ৰ চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । জিলা আয়ুক্ত সুমিত সাত্তাৱানসহ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতালখনৰ বিষয়া বৰ্গ তথা ৰাইজে অংশগ্রহণ কৰা এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে চিকিৎসা কেন্দ্ৰটোৰ দিল্লীৰ পৰা ভাৰ্চুৱেলী শিলান্যাস কৰা দৃশ্য পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় ।

উল্লেখ্য যে অসমৰ চৈধ্যখন জিলাত আজি আঠটা আঁচনিৰ শিলান্যাস আৰু ৮ টা আঁচনি ভাৰ্চুৱেলী উদ্বোধন কৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মান্দাভিয়াই । দিল্লীৰ অনুষ্ঠানটোত অসমৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তয়ো অংশগ্রহণ কৰে । এই আঁচনি সমূহ উদ্বোধন আৰু শিলান্যাস কৰি কেন্দ্রীয় মন্ত্রী মনসুখ মান্দাভিয়াই কয় যে অসমৰ বিকাশ আৰু স্বাস্থ্য খণ্ড ৰ উন্নয়ন, আন্তঃগাঁঠনি মজবুত কৰাৰ ক্ষেত্রত কেন্দ্রই কেতিয়াও কাৰ্পণ্য কৰা নাই । অসমৰ যিসমূহ জিলাত আজি এই অনুষ্ঠান সমূহৰ আয়োজন কৰা হয় তেনে অনুষ্ঠানত জিলা আয়ুক্ত,মন্ত্রী,বিধায়ক আদিয়ে অংশগ্রহণ কৰে ।

লখিমপুৰত আয়োজিত এই অনুষ্ঠানটোত অংশগ্রহণ কৰি জিলা আয়ুক্ত সুমিত সাত্তাৱানে কয় যে কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপে লখিমপুৰক শক্তিশালী ৰূপত সমৃদ্ধ কৰিলে । লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতালখনৰ আন্তঃগাঁঠনি অধিক মজবুত কৰি তুলিব কেন্দ্রীয় চৰকাৰে লোৱা পিএম অভিম (PM ABHIM)আঁচনিৰ অধীনৰ এই আঁচনিয়ে । তেওঁ লখিমপুৰ জিলাক এই আঁচনিত অন্তর্ভুক্ত কৰা বাবে কেন্দ্র তথা ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:Miss Flying Femina title: লখিমপুৰৰ ডানিয়াৰ শিৰত মিচ ফ্লায়িং ফেমিনা খিতাপ