ETV Bharat / state

Road accident: লখিমপুৰত ডাম্পাৰে প্ৰাণ ল’লে দুই যুৱকৰ

author img

By

Published : May 12, 2023, 3:47 PM IST

লখিমপুৰত কিছু দিনৰ পৰা ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্মত ৰাইজে ত্ৰাহি মধুসূদন সুঁৱৰিব লগীয়া হৈছে । লখিমপুৰত শুকুৰবাৰে এখন ডাম্পাৰে মহতিয়াই লৈ যায় দুজন যুৱকক (Two Youth died in accident) ৷

Two youth died in road accident in Lakhimopur
লখিমপুৰত ডাম্পাৰে প্ৰাণ ল’লে দুই যুৱকৰ

লখিমপুৰ, 12 মে’ : লখিমপুৰত ডাম্পাৰৰ দৌৰাত্মই ত্ৰাসিত কৰিছে জনসাধৰণক (Road accident in Lakhimpur)৷ পুনৰ লখিমপুৰত শুকুৰবাৰে এখন ডাম্পাৰে মহতিয়াই লৈ যায় দুজন যুৱকক ৷ যোৱা 9 মে’ তাৰিখে লখিমপুৰ চহৰৰ কেবি ৰোডত ডাম্পাৰে খুন্দিয়াই এজনক নিহত কৰাৰ পাচত আজি আকৌ ডাম্পাৰৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় দুজন যুৱকে (Two Youth died in accident)।

ঘটনা অনুসৰি আজি দুপৰীয়া বাইপাচৰ ৰঙাজান চাৰিআলিত বাইক আৰোহী দুই যুৱকক এখন ডাম্পাৰে মহতিয়াই নিয়ে (Two died in road accident)। ঘটনাটোত যুৱক দুজনৰ থিতাতে মৃত্যু হয় । দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন পাচত লীলাবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা যুৱকদ্বয়ক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই (Dumper accident in Lakhimpur)।

এই ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, লখিমপুৰত কিছু দিনৰ পৰা ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্মত ৰাইজে ত্ৰাহি মধুসূদন সুঁৱৰিব লগীয়া হৈছে । ডাম্পাৰ, টেক্টৰৰ অতপালিত ৰাইজে পথলৈ ওলাবলৈ ভয় কৰা হৈছে । সঘনাই ডাম্পাৰ, ট্ৰেক্টৰৰ খুন্দাত প্ৰাণহানিৰ ঘটনা ঘটিবলৈ ধৰিছে । স্কুল-কলেজৰ ছাত্র-ছাত্রীৰ পৰা ব্যৱসায়ী আদি বিভিন্নজনে ডাম্পাৰ, ট্ৰেক্টৰৰ খুন্দাত অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে ৷

ইতিমধ্যে নগৰ আৰু নগৰৰ উপকণ্ঠ অঞ্চলসমূহত ডাম্পাৰ ট্ৰেক্টৰৰ এনে দৌৰাত্ম ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সংগঠনে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও কাৰ্যত একো ফল ধৰা নাই ।

স্মৰ্তব্য যে, মঙলবাৰে অৰ্থাৎ যোৱা 9 মে’ত বিয়লি লখিমপুৰ নগৰত এখন তীব্র বেগী ডাম্পাৰে মহতিয়াই নিয়ে এজন পথচাৰীজনক ৷ পথ দুৰ্ঘটনাত ফটিক নাথ (৪৮) নামৰ লোকজনৰ মৃত্যু হৈছিল (One man death in road accident)। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই AS 22 C 3851নম্বৰৰ ডাম্পাৰ এৰি চালকজনে পলায়ন কৰিছিল ।

লগতে পঢ়ক: Road accident at Lakhimpur: লখিমপুৰত ডাম্পাৰৰ খুন্দাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.