Road accident at Lakhimpur: লখিমপুৰত ডাম্পাৰৰ খুন্দাত নিহত এজন

By

Published : May 9, 2023, 9:51 PM IST

thumbnail

লখিমপুৰ, ৯ মে': মঙলবাৰে বিয়লি লখিমপুৰ নগৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় (Road accident in Lakhimpur) । নগৰৰ কমলাবাৰী পথত আজি বিয়লি সংঘটিত হোৱা পথ দুৰ্ঘটনাত ফটিক নাথ (৪৮) নামৰ লোকজনে প্ৰাণ হেৰুৱাই । এখন তীব্র বেগী ডাম্পাৰে মহতিয়াই নিলে পথচাৰীজনক । নিহত লোকজনৰ ঘৰ লখিমপুৰ আজাদ নাথ গাঁৱত । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই AS 22 C 3851নম্বৰৰ ডাম্পাৰ এৰি চালকজনে পলায়ন কৰে (One man death in road accident) ।  

পিচত লখিমপুৰ যান-বাহন আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে । শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল নিহত ফটিক নাথে । তেওঁ  লখিমপুৰ নগৰলৈ কিবা কামত আহিছিল । মৃত্যুৰ খন্তেক পূৰ্বে তেওঁ এখন হোটেলত ভাত খাবলৈ বিচাৰিছিল যদিও খোৱা নহ'ল । হোটেলখনৰ পৰা ওলাই অহাৰ সময়তে তেওঁক ডাম্পাৰখনে মহটিয়াই নিয়ে । এই ঘটনাই নগৰখনত শোকৰ ছাঁ পেলোৱাৰ পিচতেই অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে তাৎক্ষণিকভাৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Asomiya Yuv Mancha)।

লগতে পঢ়ক:Shraddha Walkar case : আফতাব পুনাৱালাৰ বিৰুদ্ধে হত্যা, প্ৰমাণ নাইকিয়া কৰাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.