ETV Bharat / state

Two ward member joins BJP : লখিমপুৰ পৌৰসভা গঠনৰ পূৰ্বে পট পৰিৱৰ্তন

author img

By

Published : Apr 6, 2022, 2:04 PM IST

congress-ward-member-joins-bjp-in-lakhimpur
লখিমপুৰ পৌৰসভা গঠনৰ পূৰ্বে পট পৰিৱৰ্তন

বুধবাৰে গঠন কৰা হ’ব লখিমপুৰ পৌৰসভা(Lakhimpur municipal Board will form on Wednesday) ৷ তাৰ পূৰ্বে নাটকীয়ভাৱে পট পৰিৱৰ্তন ঘটিছে পৌৰসভাখনত ৷ এগৰাকী নিৰ্দলীয় ৱাৰ্ড সদস্যাৰ লগতে এগৰাকী কংগ্ৰেছৰ ৱাৰ্ড সদস্যাই যোগদান কৰিছে বিজেপিত(Two ward member joins BJP) ৷ ইয়াৰ লগতে অন্যান্য 50 গৰাকী আন দলৰ সদস্যই গেৰুৱা দলটোত যোগদান কৰে ৷

লখিমপুৰ, 6 এপ্ৰিল : পৌৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যজুৰি এখনৰ পিছত সিখনকৈ পৌৰসভা গঠন হ’বলৈ ধৰিছে ৷ অধিকাংশ পৌৰসভা গঠনত আগভাগ লৈছে ৰাজ্যৰ শাসনৰ গাদীত অধিষ্ঠিত দল বিজেপিয়ে ৷ সেই অনুসৰি, বুধবাৰে গঠন কৰা হ’ব লখিমপুৰ পৌৰসভা ৷

লখিমপুৰ পৌৰসভাৰ পৌৰপতি-উপ পৌৰপতিয়ে শপত গ্ৰহণ কৰাৰ পূৰ্বে লখিমপুৰ পৌৰসভাৰ পট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত এগৰাকী নিৰ্দলীয় সদস্যাৰ উপৰিও আন এগৰাকী কংগ্ৰেছ সদস্যাই দলত্যাগ কৰি যোগ দিয়ে বিজেপিত (Two ward member joins BJP) ৷

জিলা বিজেপিৰ কাৰ্যালয়ত বিধায়ক মানৱ ডেকা, জিলা সভাপতি ফণীধৰ বৰুৱাৰ উপস্থিতিত বিজেপিত যোগদান কৰে 14 নং (ডি) ৱাৰ্ডৰ কংগ্ৰেছী ৱাৰ্ড সদস্যা হীনা ৰহমান আৰু 2 নং(বি) ৱাৰ্ডৰ নিৰ্দলীয় সদস্যা কৃষ্ণা দাস শইকীয়াই ৷ সদস্যা দুগৰাকীৰ লগতে প্ৰায় 50 গৰাকী কংগ্ৰেছ আৰু আন ৰাজনৈতিক দলৰ সদস্যই গেৰুৱা দলটোত যোগদান কৰে ৷

গেৰুৱা দলৰ শক্তি বৃদ্ধি

উল্লেখ্য যে, বিগত পৌৰ নিৰ্বাচন(Assam Municipal Election 2022) ত 21 টা ৱাৰ্ডৰে গঠিত লখিমপুৰ পৌৰসভাৰ 14 টা ৱাৰ্ড দখল কৰি বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ৷ লগতে মিত্ৰদল অগপৰ এজন সদস্যই দখল কৰিছিল এখন আসন ৷ ইয়াৰ ফলতে মিত্ৰদল সহ বিজেপিৰ ৱাৰ্ড সদস্যৰ সংখ্যা 17 গৰাকীলৈ বৃদ্ধি পায় ৷

বুধবাৰে পৌৰসভাখনে শপত গ্ৰহণ কৰাৰ প্ৰাক মূহুর্তত শাসকীয় দলৰ শক্তি বৃদ্ধি হোৱাটোৱে জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছে ৷ অচিৰেই আন কেইবাগৰাকীও আন ৰাজনৈতিক দলৰ ৱাৰ্ড সদস্যই বিজেপিত যোগদান কৰিব বুলি বিধায়ক মানৱ ডেকাই যোগদান অনুষ্ঠানত সদৰি কৰে ৷ ৱাৰ্ড সদস্যাৰ যোগদান কাৰ্যসূচী উপলক্ষে জিলা বিজেপিৰ কাৰ্যালয় নৃত্য-গীতেৰে মুখৰ হৈ পৰে ৷

লগতে চাওক: নাৰেংগীত শতাধিকৰ গেৰুৱা দলত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.