ETV Bharat / state

নাৰেংগীত শতাধিকৰ গেৰুৱা দলত যোগদান

author img

By

Published : Apr 5, 2022, 10:57 PM IST

১০০ গৰাকী যুৱক-যুৱতীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত (youth joined BJP in Guwahati) ৷ নতুন সদস্য অন্তৰ্ভূক্তিৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপি দল ৷

youth-joined-in-bjp-in-guwahati
নাৰেংগীত শতাধিকৰ গেৰুৱা দলত যোগদান

গুৱাহাটী, ৫এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC election 2022) বাবে বিজেপি দলে আগবঢ়োৱা প্ৰাৰ্থীৰ সমৰ্থনত ৱাৰ্ডে ৱাৰ্ডে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ মাজতে নতুন সদস্য অন্তৰ্ভূক্তিৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে ।

নাৰেংগীত শতাধিকৰ গেৰুৱা দলত যোগদান

মংগলবাৰে নাৰেংগীস্থিত বিজেপিৰ দিছপুৰ মণ্ডলৰ কার্যালয়ত বিজেপি দলৰ নীতি আৰু আদর্শৰ প্ৰতি আকৃষ্ট হৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীকে ধৰি শতাধিক যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে (youth joined BJP in Guwahati)। এই উপলক্ষে মঙলবাৰে দিনৰ ভাগত বিজেপিৰ দিছপুৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত এক যোগদান সভা অনুষ্ঠিত কৰা হয় ।

বিজেপিৰ দিছপুৰ মণ্ডলৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান সভাত বৃহত্তৰ নাৰেংগী,পাথৰকুৱাৰী,মঠঘৰীয়া,বীৰকুচি, আদিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অহা ১০০ গৰাকী যুৱক-যুৱতী,মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

এই সভাত বিজেপিৰ দিছপুৰ মণ্ডলৰ সভাপতি গগন চন্দ্ৰ শৰ্মা, বিজেপি দিছ্পুৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি বিপুল বৰ্মন, গুৱাহাটী জিলাৰ যুৱ মৰ্চাৰ সভাপতি নিহাৰীন্দ্ৰ শৰ্মা, দিছপুৰ যুৱ মৰ্চা ৰ প্ৰভাৰী সুকন্যা হাতীমুৰীয়া,দিছপুৰ মণ্ডলৰ পেৰেন্স ব'ডীৰ সম্পাদক ৰজত সিং আদি উপস্থিত থাকে ।

এই যোগদান কাৰ্যসূচীয়ে আগন্তুক ২২ এপ্ৰিলত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে দিছপুৰ মণ্ডলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে ।

লগতে পঢ়ক : BJP Joining program: হাউলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.