ETV Bharat / state

TMC Protest in Lakhimpur: পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

author img

By

Published : Mar 22, 2023, 5:08 PM IST

TMC protest against municipality tax hike in Lakhimpur
পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

ৰাজ্যৰ পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো তৃণমূল কংগ্ৰেছে গ্ৰহণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (TMC protest against municipality tax hike) । বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে কঁপাই তোলে পৌৰসভাৰ কাৰ্যালয় ।

পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

লখিমপুৰ,২২ মাৰ্চ: নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমানে বৃদ্ধি হ'ল পৌৰকৰ (Municipal tax hike) । পৌৰকৰ বৃদ্ধি কৰাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যজুৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । বিভিন্ন দল-সংগঠনৰ সমান্তৰালভাৱে সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছ । বুধবাৰে ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো তৃণমমূল কংগ্ৰেছে সাব্যস্ত প্ৰতিবাদ (TMC protest against municipality tax hike in Lakhimpur) ।

শতাধিক প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদত কঁপি উঠিল লখিমপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদ (Protest in Lakhimpur Municipality Office) । তৃণমূল কংগ্রেছৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ মাজেৰে সমদল কৰি আহি লখিমপুৰ পৌৰসভাৰ প্ৰবেশদ্বাৰত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে কয় যে, এনেয়ে বজাৰৰ চৰা দামে অসমবাসীক জুৰুলা কৰিছে তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি পৌৰকৰ বৃদ্ধি কৰা হ'ল । যাৰ বাবে সাধাৰণ নাগৰিকে জলা-কলা খাইছে (TMC Protest in Lakhimpur) ।

সেয়ে তৃণমূল কংগ্ৰেছে জিলা সদৰ, মহকুমা সদৰত পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰে (Protest against Municipality tax hike) । প্ৰতিবাদকাৰীসকলে পৌৰকৰ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি পৌৰকৰ হ্ৰাস কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ লেই লেই চেই চেই আদি শ্লোগান দি পৌৰসভাৰ চৌহদ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত তৃণমূল কংগ্রেছৰ জিলা সমিতিয়ে অত্যাধিক হাৰত বৃদ্ধি কৰা পৌৰকৰ প্ৰত্যাহাৰৰ দাবীত পৌৰসভাৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিব লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত তৃণমূল কংগ্রেছৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি লেখন বুঢ়াগোহাঁইসহ প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্রহণ কৰে । পৌৰ কৰ হ্ৰাস নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈয়ো ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: India the Modi Question : বিবিচিৰ তথ্যচিত্ৰ ইণ্ডিয়া দ্যা মোডী কুৱেশ্যনক লৈ উত্তাল বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.