ETV Bharat / bharat

India the Modi Question : বিবিচিৰ তথ্যচিত্ৰ ইণ্ডিয়া দ্যা মোডী কুৱেশ্যনক লৈ উত্তাল বিধানসভা

author img

By

Published : Mar 21, 2023, 8:08 PM IST

Updated : Mar 22, 2023, 7:08 AM IST

বিবিচিৰ তথ্যচিত্ৰ দ্যা মোডী কুৱেশ্যনক লৈ বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি ৷ এই তথ্যচিত্ৰখনক বৈদেশিক ষড়যন্ত্ৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assembly uproar on BBC documentary) ৷

Bbc documentary The Modi Question Assembly uproar
বিবিচিৰ তথ্যচিত্ৰ দ্যা মোডী কুৱেশ্যনক লৈ উত্তাল বিধানসভা

বিবিচিৰ তথ্যচিত্ৰ দ্যা মোডী কুৱেশ্যনক লৈ উত্তাল বিধানসভা

গুৱাহাটী, 21 মাৰ্চ: দেশজুৰি খলকনি লগাইছিল বিবিচিৰ দ্বাৰা নিৰ্মিত "India the Modi Question" শীৰ্ষক তথ্যচিত্ৰখনে (BBC Documentary Controversy) ৷ এইবাৰ বিবিচিৰ তথ্যচিত্ৰ দ্যা মোডী কুৱেশ্যনক লৈ মঙলবাৰে বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে (Assembly uproar on BBC documentary) ৷ বিবিচিৰ বিৰুদ্ধে বিধানসভাত শাসকীয় দলৰ বিধায়কে উত্থাপন কৰা সকল্প প্ৰস্তাৱক লৈ শাসক বিৰোধীয়ে সদনত বাক-বিতণ্ডা কৰে । শেহতীয়াকৈ বিবিচিয়ে ২০০২ চনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ ওপৰত প্ৰস্তুত কৰা তথ্যচিত্ৰখনেৰ প্ৰসংগ ওলাওতেই ইয়াৰ বিৰুদ্ধে শাসকীয় দলৰ মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাঙুৰ খাই উঠে ।

বিধানসভাত শাসকীয় দলৰ বিধায়ক ভুবন পেগুৱে বিবিচিৰ ডকুমেন্টৰীখনক ভাৰতৰ বিৰুদ্ধে বিদেশী ষড়যন্ত্ৰ বুলি আখ্যা দি বিবিচিৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ আগবঢ়ায় । এই বিষয়টো অসমৰ আৰু বিধানসভাৰ লগত জড়িত নহয় বুলি যুক্তি দি কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ, কমলাক্ষ দে’ পুৰকায়স্থ আৰু চিপিআই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সংকল্প প্ৰস্তাৱটো খাৰিজ কৰাৰ আহ্বান জনায় ।

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বিধায়ক ভুবন পেগুৱে তথ্যচিত্ৰখনক ভাৰতৰ বিৰুদ্ধে বিদেশী ষড়যন্ত্ৰ বুলি আখ্যা দি সংকল্প প্ৰস্তাৱক সমৰ্থন জনায় উল্লেখ কৰে যে, ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুচ্ছ জ্ঞান কৰাবলৈ বিবিচিয়ে ভাৰতে জি ২০ অধ্যক্ষতা কৰাৰ‌ সময়ৰ পূৰ্বে এই তথ্যচিত্ৰখন মুকলি কৰিছিল ৷ এয়া বৈদেশিক ষড়যন্ত্ৰ ৷ এই ক্ষেত্ৰত অসমকো জড়িত কৰা হৈছে ।

গতিকে বিবিচিৰ বিৰুদ্ধে বিধানসভাত আগবঢ়োৱা সংকল্প প্ৰস্তাৱটো গ্ৰহণযোগ্যতা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে যুক্তি দিয়ে । ইফালে বিধানসভাত বিৰোধীয়ে এই সংকল্প প্ৰস্তাৱটোৰ তীব্ৰ বিৰোধিতা কৰাৰ‌‌ মাজতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই প্ৰস্তাৱটো সদনৰ মজিয়াত গৃহীত হোৱা বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, ২০০২ চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত বিবিচিয়ে "India: The Modi Question" শীৰ্ষক এক তথ্যচিত্ৰ সম্প্ৰচাৰকৰিছিল । ইয়াৰ পিচতেই দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ সম্প্ৰচাৰক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত ফেব্ৰুৱাৰী মাহত ভাৰত চৰকাৰে এই তথ্যচিত্ৰৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ লগতে অনলাইনত শ্বেয়াৰ কৰা, ইউটিউবতো তথ্যচিত্ৰখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল (BBC Modi documentary controversy)।

লগতে পঢ়ক: BBC reacts to IT raid : আয়কৰ বিভাগক সম্পূৰ্ণ সহযোগিতা কৰিছে বিবিচিয়ে

Last Updated : Mar 22, 2023, 7:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.