ETV Bharat / bharat

BBC reacts to IT raid : আয়কৰ বিভাগক সম্পূৰ্ণ সহযোগিতা কৰিছে বিবিচিয়ে

author img

By

Published : Feb 14, 2023, 8:09 PM IST

বিবিচিৰ মুম্বাই আৰু নতুন দিল্লীৰ কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাইছে (Income tax raid at BBC office)। আয়কৰ বিভাগক সম্পূৰ্ণ সহযোগিতা কৰিছে প্ৰতিষ্ঠানটোৱে । বিষয়টোক লৈ দেশজুৰি প্ৰতিক্ৰিয়া ।

BBC reacts to IT raid
আয়কৰ বিভাগক সম্পূৰ্ণ সহযোগিতা কৰিছে বিবিচিয়ে

নেশ্যনেল ডেস্ক,১৪ ফেব্ৰুৱাৰী : ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ (বিবিচি) দিল্লী আৰু মুম্বাই কাৰ্যালয়ত চলি আছে আয়কৰ বিভাগৰ অভিযান (IT raid at BBC office)। অভিযানৰ মাজতে সংবাদ প্ৰতিষ্ঠানটোৱে মঙলবাৰে এক বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । টুইটাৰত জাৰি কৰা চমু বিবৃতি অনুসৰি প্ৰতিষ্ঠানটোৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাইছে । তেওঁলোকেও আয়কৰ বিভাগৰ দলটোক সম্পূৰ্ণ সহযোগিতা কৰাৰ লগতে যিমান সম্ভৱ সোনকালে পৰিস্থিতিটো সমাধান হোৱাৰ আশা কৰিছে (BBC reacts over IT raid)।

উল্লেখ্য যে, আয়কৰ বিভাগৰ বিষয়াসকলে মঙলবাৰে নতুন দিল্লীত বিবিচিৰ কাৰ্যালয়ত অভিযান চলাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত এখন বিতৰ্কিত তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাৰ পাচতে এই অভিযান চলিছে । তিনি কৰ্মচাৰীয়ে এই কথা প্ৰকাশ কৰিছে যদিও তেওঁলোকৰ পৰিচয় গোপনে ৰখা হৈছে ।

  • The Income Tax Authorities are currently at the BBC offices in New Delhi and Mumbai and we are fully cooperating.

    We hope to have this situation resolved as soon as possible.

    — BBC News Press Team (@BBCNewsPR) February 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া সংবাদ সংস্থাই কয় যে, আয়কৰ বিভাগৰ দলসমূহে নতুন দিল্লী আৰু মুম্বাই দুয়োটা ঠাইতে বিবিচিৰ কাৰ্যালয়ত অভিযান চলাইছে । তেওঁলোকে কৈছে যে, বিভাগটোৱে বিবিচিৰ ব্যৱসায়িক কাৰ্যকলাপ আৰু প্ৰতিষ্ঠানটোৰ ভাৰতীয় অংশৰ সৈতে সম্পৰ্কিত নথি-পত্ৰসমূহ পৰীক্ষা কৰিছে ।

উল্লেখ্য যে, ২০০২ চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত বিবিচিয়ে "India: The Modi Question" শীৰ্ষক এক তথ্যচিত্ৰ সম্প্ৰচাৰক লৈ শেহতীয়াকৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । আনহাতে, ভাৰত চৰকাৰে এই তথ্যচিত্ৰৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ লগতে অনলাইনত শ্বেয়াৰ কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল ।

বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত এই তথ্যচিত্ৰৰ সম্প্ৰচাৰে ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছিল (BBC Modi documentary controversy)। বিবিচিয়ে ভাৰতত সম্প্ৰচাৰ নকৰিলেও বহু মহাবিদ্যালয়ত এই তথ্যচিত্ৰ সম্প্ৰচাৰ কৰা হৈছিল । আনকি দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ সম্প্ৰচাৰক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল ।

বহু শিক্ষা প্ৰতিষ্ঠানত প্ৰতিবাদো সাব্যস্ত কৰিছিল একাংশ সংগঠনে । যাৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানত এই বিতৰ্কিত তথ্যচিত্ৰৰ সম্প্ৰচাৰ নিষিদ্ধ কৰা হৈছিল (BBC Modi documentary banned)। এনে পৰিপ্ৰেক্ষিতত বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলোৱা বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰা দেখা গৈছে ।

লগতে পঢ়ক :IT raid at BBC Delhi office : বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.