ETV Bharat / state

Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:41 AM IST

Assam Official Language Act 1960
অসমত অসমীয়া ভাষাৰ সৰ্বত্ৰে প্ৰয়োগৰ হকে দাবী

১৯৬০ চনত প্ৰণয়ন কৰা হৈছিল চৰকাৰী ভাষা প্ৰয়োগ আইন । কেৱল এইখন আইনেই নহয় । সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান তথা দল সংগঠনে অসমত অসমীয়া ভাষাৰ সৰ্বত্ৰে প্ৰয়োগৰ হকে দাবী জনাই আহিছে । পিচে ইয়াৰ বাস্তৱ চিত্রখন দুখজনক । আমাৰ এক বিশেষ প্ৰতিবেদন ।

অসমত অসমীয়া ভাষাৰ সৰ্বত্ৰে প্ৰয়োগৰ হকে দাবী

লখিমপুৰ, ২৬ ছেপ্টেম্বৰ : অসমৰ ১৯৬০ ৰ চৰকাৰী ভাষা আইন অসাৰ । চৰকাৰী ভাষা প্ৰয়োগ আইনৰ বাস্তৱিক বিপৰীত স্থিতি । ভাষাৰ বাবে আন্দোলন কৰিব লগীয়া হৈছিল এইখন অসমত । বহুজনৰ ত্যাগৰ বিনিময়ত ৰাজ্যখনৰ পৰা হেৰাই যাবলৈ ধৰা ভাষাটো ৰক্ষা পৰিল । অসমীয়া ভাষাতো ৰাজ্যখনত ব্যাপক ৰূপত প্ৰসাৰৰ বাবে ১৯৬০ চনত এখন আইন প্রণয়ন কৰা হয় । চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে এই আইনখন প্ৰয়োগ কৰাৰ হকে সচেতনতাৰ প্ৰয়াস কৰি আহিছে ।

সঞ্চালকালয়ে - ‘‘আহক আমি সকলোৱে ১৯৬০ চনত প্ৰণয়ন হোৱা অসমৰ চৰকাৰী ভাষা আইন মানি চলো আৰু চৰকাৰী ভাষা প্ৰচাৰত অৰিহণা যোগাও ৷ চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ সকলো কাম-কাজত চৰকাৰী ভাষা প্ৰয়োগ কৰো ৷ চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ কম্পিউটাৰত চৰকাৰী ভাষাৰ চফ্টৱেৰ ব্যৱহাৰ কৰো’’ আদি আহ্বানেৰে ফলক স্থাপন কৰিছে । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদতো আছে এনেদৰে স্থাপন কৰা চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ ফলক ।

এই ফলক থকা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে আছে ইংৰাজী ভাষাত লিখা শিশু শ্ৰমিক নিষিদ্ধ কৰাৰ ফলক । শিশু শ্ৰমিক ৰক্ষা কৰা, শিশু শ্ৰমিক ৰখা আইন বিৰুদ্ধে, শিশু শ্ৰমিক বন্ধ কৰা আদি বাক্যাংশ ইংৰাজীত লিখি ফলক স্থাপন কৰি ৰখা হৈছে । এই লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । কিয়নো অতি দৰিদ্ৰ তথা সাধাৰণতে নিৰক্ষৰ পৰিয়ালৰ পিতৃ-মাতৃয়েহে উপায়হীন হৈ দুই-এপইচা উপাৰ্জনৰ হকে তেওঁলোকৰ শিশুক শ্ৰমিক হিচাপে আগবঢ়াই দিয়ে ।

তেনে ক্ষেত্ৰত শিশুক শ্ৰমিক হিচাপে আগুৱাই দিয়াটো যে, এটা অপৰাধ সেই কথা তেনে গৰিষ্ঠ সংখ্যক পিতৃ-মাতৃয়ে বুজি নাপায় । সেয়ে এই ক্ষেত্রত সজাগতাৰ দিশটো প্ৰয়োজন অনুসাৰে এতিয়াও পৰ্যাপ্ত হোৱাগৈ নাই । বহু সহজ-সৰল পৰিয়ালৰ নিৰক্ষৰ অভিভাৱকক সজাগ-সচেতন কৰিবলৈ ইংৰাজীত লিখা ফলকে মুঠেও সহায় কৰিব নোৱাৰে । সেয়ে এনে ইংৰাজীত লিখা ফলকক লৈ বিভিন্ন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে থকা শিশু শ্ৰমিক নিবাৰণৰ হকে ইংৰাজীত লিখা ফলকখন আঁতৰাই অসমীয়াত লিখা ফলক স্থাপন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : Deendayal Upadhyaya : দীনদয়াল উপাধ্যায় ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণ উন্মোচন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.