ETV Bharat / state

Tense situation in Lakhimpur: যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:55 PM IST

Tense situation in Lakhimpur
যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি

লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি ৷ এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয় ৷

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি

লখিমপুৰ, 12 অক্টোবৰ: লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি । এজন যুৱকৰ মৃত্যুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ উপযুক্ত চিকিৎসাৰ অভাৱত যুৱকজন মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

জানিব পৰা মতে, লখিমপুৰ নগৰ এলেকাৰ চেতিয়া গাঁৱৰ জ্যোতিস্ক বুঢ়াগোহাঁই নামৰ যুৱক জনক যোৱা 10 অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পেটৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা যুৱকজনৰ বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যু হয় ৷ তাৰ পাচতে উত্তপ্ত পৰিস্থিতৰ সৃষ্ট হয় ৷

মৃত যুৱকজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি, চিকিৎসালয়ত ভৰ্তি কৰাৰ পাচতে চেলাইন আৰু বিষৰ বেজি দিয়াৰ বাদে বিশেষ কোনো উন্নত চিকিৎসা প্ৰদান নকৰিলে যুৱকজনক । চিকিৎসক, নাৰ্চে ৰোগীক ভালদৰে নাচালে ৷ যাৰ বাবে মৃত্যু হ’ল যুৱক জন ৷

‘‘আমি যেতিয়া সকলো ৰিপৰ্ট চাব বিচৰিলো হঠাৎ ৰিপৰ্ট নাই বুলি কলে নাৰ্চে ৷ সি মূৰ ঘূৰাইছে বুলি কোৱাত মই ধৰিলো ৷ লগে লগে নাৰ্চকো মাতিলো ৷ কিন্তু নাৰ্চে নোচো, নোৱাৰো বুলি কয় ৷ চেলাইনটো যদি খুলি দিব নোৱাৰে তেতিয়া হলে কিয় মানুহ হৈ জীয়াই আছে বুলি আমাক প্ৰশ্ন কৰে ৷’’ এই মন্তব্য মৃত যুৱকজনৰ পৰিয়ালৰ লোকৰ ৷

‘‘চিকিৎসক, নাৰ্চৰ এই গাফিলতিৰ উচিত তদন্ত লাগে ৷ গাফিলতি কৰা নাৰ্চক চাকৰিৰ পৰা বৰখাস্ত কৰক’’ এই দাবী উত্থাপন কৰিলে ভুক্তভোগী পৰিয়ালে ৷

সেয়ে ন্যায় বিচাৰি চিকিৎসালয়খনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মৃত জ্যোতিস্ক বুঢ়াগোহাঁইৰ আত্মীয়ই ৷ আনহাতে চিকিৎসালয়খনত উপস্থিত হয় আৰক্ষীৰ দল ৷ অৱশেষত আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক:Flood in lakhimpur: লখিমপুৰত পুনৰ বানৰ তাণ্ডৱ, বানত বুৰিল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.