ETV Bharat / state

অসম বিশ্ববিদ্যালয়ত চলিব লাগিব অসমীয়া ভাষা : শৃংখল চলিহা

author img

By

Published : Sep 5, 2021, 7:08 PM IST

srinkhal chaliha reacts on latest controversy on him
অসম বিশ্ববিদ্যালয়ত অসমীয়া ভাষা চলিব লাগিব : শৃংখল চলিহা

অসম বিশ্ববিদ্যালয়ত অসমীয়া ভাষা নচলাৰ ওপৰত ক্ষোভ ব্যক্ত কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । ইয়াৰ বাবে চৰকাৰ আৰু কৰ্তপক্ষক প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থকাৰ হুংকাৰো দিলে বিতৰ্কিত নেতা গৰাকীয়ে ৷

লখিমপুৰ, ৫ ছেপ্টেম্বৰ : শিৱসাগৰত এগৰাকী মহিলাৰ সমস্যাৰ হৈ মাত মাতিবলৈ গৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৰা বক্তব্যৰ প্ৰতিক্ৰিয়াই ৰাজ্য জুৰি তোলপাৰ লগাই আছে । বিভিন্ন দল সংগঠনে শৃংখল চলিহাৰ সপক্ষে বিপক্ষে মত প্ৰকাশ কৰাৰ উপৰি প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে । এনে পৰিস্থিতিৰ মাজতে সাংগঠনিক কামত লখিমপুৰলৈ অহা শৃংখল চলিহাই পুনৰ এক বিস্ফোৰণ ঘটায় ।

অসম বিশ্ববিদ্যালয়ত অসমীয়া ভাষা চলিব লাগিব : শৃংখল চলিহা

বৰাকত অসমীয়া ভাষা নচলাৰ প্ৰসংগত তেওঁ কয়, অসম বিশ্ববিদ্যালয়ত নচলে অসমীয়া ভাষা । এইয়া এক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দি তেওঁ কয়, বিশ্ববিদ্যালয়খনত অসমীয়া ভাষা চলিবই লাগিব । ইয়াৰ বাবে চৰকাৰৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সাজু থাকক বুলিও হুংকাৰ দিয়ে শৃংখল চলিহাই ।

শিৱসাগৰৰ ঘটনাটোৰ সন্দৰ্ভত তেওঁ কয় মহিলাগৰাকীয়ে ন্যায় পাবই লাগিব । ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আছে, সোনকালেই তেওঁ ন্যায় পাব ।

কেৱল শিৱসাগৰতেই নহয়, এনে ধৰণৰ অন্যায়ৰ বিৰুদ্ধে বীৰ লাচিত সেনাই অসমৰ যিকোনো ঠাইতে মাত মাতি যাব । অন্যায়ৰ বলি হোৱা লোকৰ কাষত সদায়েই বীৰ লাচিত সেনা ঠিয় দিব । গোচৰলৈ ভয় নকৰি ন্যায়ৰ যুজত লাচিত সেনা পিছ নপৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।
ইফালে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা বেংগলী সংগঠনক সমালোচনা কৰি তেওঁ কয় যে, কা-আন্দোলনত মুঠেও অৰিহণা নথকা বেংগলী সংগঠনৰ অসমীয়া জাতি ধ্বংসী চক্ৰান্ততহে ভুমিকা আছে । তেওঁলোকক কেতিয়াও খিলঞ্জীয়া বুলি ক’ব পৰা নাযায় । বেংগলী সংগঠনৰ এনে ভুমিকাৰ বাবে জাতিদ্ৰোহী বুলি ঘোষণা কৰিবলৈও লাচিত সেনাই কুন্ঠাবোধ নকৰিব বুলিও চলিহাই সকিয়নী দিয়ে ।

লগতে পঢ়ক : নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.