ETV Bharat / state

RPF raid: লখিমপুৰ ৰে'লৱে ষ্টেচনত RPF ৰ তালাচী অভিযান

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 4:09 PM IST

শনিবাৰে পূৱাবেলা হঠাৎ লখিমপুৰ ৰে'লৱে ষ্টেচনত ৰে'লৱে আৰক্ষী ভৰি পৰে । যাত্রীবাহী ৰে'লত চলে তন্ন তন্ন তালাচী । বিস্ফোৰক তথা দাহ্য পদাৰ্থৰ সন্ধানত আৰক্ষীয়ে চলায় কঠোৰ অভিযান । সমানে যাত্রীসকলৰ মাজত এক সজাগতাৰ কাৰ্যক্ৰমো গ্রহণ কৰে ৰে'লৱে আৰক্ষীয়ে ।

RPF campaign at Lakhimpur railway station
লখিমপুৰ ৰে'লৱে ষ্টেচনত RPF ৰ তালাচী অভিযান

লখিমপুৰ ৰে'লৱে ষ্টেচনত RPF ৰ তালাচী অভিযান

লখিমপুৰ,২৮ অক্টোবৰ: লখিমপুৰত বিস্ফোৰক তথা দাহ্য পদাৰ্থৰ সন্ধানত যাত্রীবাহী ৰে'লত কঠোৰ তালাচী ৰে'ল আৰক্ষীৰ । শনিবাৰে হঠাৎ পূৱাবেলা লখিমপুৰ ৰে'লৱে ষ্টেচনত এখন যাত্রীবাহী ৰে'লত বিস্ফোৰক তথা দাহ্য পদাৰ্থৰ সন্ধানত ৰে'লৱে আৰক্ষীয়ে কঠোৰ তালাচী অভিযান চলায় । মুৰ্কংচেলেকৰ পৰা ৰঙিয়া অভিমূখী যাত্ৰীবাহী ৰে'লখন লখিমপুৰ ৰে'লৱে ষ্টেচনত এঘাৰমান বজাত ৰোৱাৰ লগে লগে আৰ পি এফে দবাসমূহত তালাচী চলায় ।

বোমা, ফটকা, বিস্ফোৰক পদার্থ, পেট্ৰল, কেৰাচিন, ৰন্ধন গেছ আদি জ্বলনশীল পদাৰ্থৰ সন্ধানত আৰক্ষীয়ে যাত্ৰীৰ বয়-বস্তুৰ টোপোলা আদিত তালাচী চলায় । যাত্রীৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা, ৰে'লৱেৰ সুৰক্ষাৰ বাবে ৰে'ল আৰক্ষীয়ে এনেদৰে কঠোৰভাৱে তালাচী চলায় । সমাগত দীপান্বিতা, ষঠ পূজা আদি উৎসৱৰ প্ৰাকক্ষণত যাত্রীবাহী ৰে'লত তেনে সামগ্রী কঢ়িয়াই নিয়াৰ আশংকাত ৰে'ল আৰক্ষীয়ে সুৰক্ষা ব্যবস্থাৰ অংশ হিচাপে ৰে'লত তালাচী চলায় ।

এনে দাহ্য পদাৰ্থৰ পৰা দুৰ্ঘটনাৰ আশংকা কৰি ৰে'লৰ সুৰক্ষা, যাত্রীৰ নিৰাপত্তাৰ হকে ৰে'ল আৰক্ষীয়ে এনেদৰে কঠোৰ তালাচী অভিযান আৰম্ভ কৰিছে । তালাচীৰ সমানে ষ্টেচনটোত ৰে'লৱে আৰক্ষীয়ে তাৎক্ষণিকভাবে যাত্রীৰ মাজত এখন চমু সজাগতা সভাও অনুষ্ঠিত কৰে । ৰে'ল আৰক্ষীৰ বিষয়া ৰবি কুমাৰ, তেজ বাহাদুৰ গুৰুং আদিয়ে এই সভাত যাত্রীসকলক যাত্রীবাহী ৰে'লত এনেবোৰ দাহ্য অথবা বিস্ফোৰক পদার্থ নানিবলৈ আহ্বান জনায় ।

তেনে সা-সামগ্রী দেখিলে ততালিকে ৰে'ল সুৰক্ষা বাহিনীক খবৰ দিবলৈও আৰক্ষী বিষয়া সকলে যাত্রীসকলক অনুৰোধ কৰে । অকৰ্তৃত্বশীলভাৱে এনে সামগ্রী লৈ যাত্রীবাহী ৰে'লত ভ্ৰমণ কৰিলে তেনে ব্যক্তিক ৰে'লৱে আইনৰ ১৬৪ ধাৰা মতে পাঁচ বছৰ পৰ্যন্ত জেল অথবা জৰিমনা আৰু জেল এই দুয়োটা দণ্ড বিহা হ'ব পাৰে বুলি আৰক্ষী বিষয়াসকলে যাত্রীসকলক সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক: Lakshmi puja 2023: চিৰাঙত ১২ দিনীয়া লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.