ETV Bharat / state

ফেব্ৰুৱাৰীত হ’ব আলোচনা; বিজেপিৰ সৈতে বুজাবুজিৰে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত অগপ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 6:16 PM IST

Regional Research Centre
মাণ্ডলিক কৃষক সমাৰোহ

Regional Research Centre: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত উত্তৰ লখিমপুৰস্থিত মাণ্ডলিক গৱেষণা কেন্দ্রৰ উদ্যোগত আয়োজন কৰা হয় মাণ্ডলিক কৃষক সমাৰোহ । এই সমাৰোহত মন্ত্রী অতুল বৰাই কয় যে চৰকাৰে প্ৰতিদিনে ১০ লাখ লিটাৰ অতিৰিক্ত দুগ্ধ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

মাণ্ডলিক কৃষক সমাৰোহ

লখিমপুৰ, ৩০ ডিচেম্বৰ : "বিজেপি মিত্রজোঁটৰ লগত একেলগে নিৰ্বাচন খেলিব অগপই । এই সন্দৰ্ভত ফেব্ৰুৱাৰীত হ'ব আলোচনা ।" এই মন্তব্য় কৃষি মন্ত্রী অতুল বৰাৰ । লখিমপুৰত শনিবাৰে এইদৰে মন্তব্য় কৰি তেওঁ কয় যে বিজেপি-অগপ মিত্ৰজোঁটে একেলগে খেলিব নিৰ্বাচন । মিত্রজোঁট চৰকাৰৰ অংশীদাৰী দল হিচাপে অগপই বিজেপিৰ সৈতে মিত্রতাৰে নিৰ্বাচনী যুঁজত নামিব । অহা ফেব্ৰুৱাৰীত এই সন্দৰ্ভত আলোচনা কৰিব । এই আলোচনাৰ সিদ্ধান্ত মৰ্মে মিত্রজোঁটে নিৰ্বাচনী যুজত অৱৰ্তীৰ্ণ হ'ব বুলি তেওঁ মন্তব্য় কৰে ।

শনিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত উত্তৰ লখিমপুৰস্থিত মাণ্ডলিক গৱেষণা কেন্দ্রৰ উদ্যোগত আৰু লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ সহযোগত মাণ্ডলিক কৃষক সমাৰোহ অনুষ্ঠিত হয় । এই সমাৰোহত অংশগ্রহণ কৰি মন্ত্রী অতুল বৰাই ৰাজ্যৰ দুগ্ধ উৎপাদনৰ প্ৰসংগত কয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুগ্ধ উৎপাদনত ৰাজ্যখনক স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰিছে ।

বৰ্তমান ৰাজ্যত যি পৰিমাণ ৰ দুগ্ধ উৎপাদন হৈ আছে তাৰ উপৰি প্ৰতিদিনে ১০ লাখ লিটাৰ অতিৰিক্ত দুগ্ধ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয় । লখিমপুৰত জহি-খহি যোৱা দুগ্ধ উৎপাদন প্ৰকল্পটোৰ মেৰামতিৰ ব্যয় বহুগুণে বৃদ্ধি হোৱাৰ আশংকা কৰি তেওঁ মেৰামতিৰ বিপৰীতে নতুনকৈ এটা প্ৰকল্প নিৰ্মাণ কৰাৰ আঁচনি লোৱা বুলি সদৰী কৰে ৷

মাণ্ডলিক কৃষক সমাৰোহখনত অংশগ্রহণৰ পূৰ্বে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ চৌহদতে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা কৰ্মচাৰীৰ আৱাসগৃহ এটাৰো আধাৰশিলা স্থাপন কৰে । এই কৃষক সমাৰোহখনত আদৰণি ভাষণ প্ৰদান কৰে মাণ্ডলিক গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়াই । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে মন্ত্রী অতুল বৰাৰ উপৰি উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয় উপাচার্য ড৹ বিদ্যুৎ চন্দন ডেকা, অসম কৃষি বিশ্ববিদ্যালয় সহযোগি সম্প্ৰসাৰণ সঞ্চালক ৰঞ্জিত কুমাৰ সাউদ, লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ড৹ উমাৰাম তামুলী, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ ড৹ প্ৰশান্ত কুমাৰ পাঠক আদি ।

এই অনুষ্ঠানত বিশ্বনাথ কৃষি মহাবিদ্যালয়,লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ, ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্র, শোণিতপুৰ, দৰং, ধেমাজি আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানতে কৃষি বিষয়ক গ্ৰন্থ আৰু পুস্তিকা এখনো উন্মোচন কৰা হয় । আনহাতে, এখন পশুধন বিষয়ক প্ৰদৰ্শনী আৰু কেইবাখনো ফল-ফুলৰ বিক্ৰী বিপণীও মুকলি কৰা হয় ।

লগতে পঢ়ক:মহানগৰীৰ ভূমি কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.