ETV Bharat / state

Protests demanding eviction: উচ্ছেদ অভিযান চলোৱাৰ দাবীৰে প্ৰতিবাদ

author img

By

Published : Mar 24, 2023, 2:13 PM IST

এইবাৰ উচ্ছেদ চলোৱাৰ দাবীৰে লখিমপুৰত তিনি সংগঠনৰ তীব্ৰ প্ৰতিবাদ । দীৰ্ঘদিনে বেদখলকাৰীৰ কৱলত থকা চৰকাৰী, সংৰক্ষিত ভূমি বেদখলমুক্ত কৰিবলৈ বৃহস্পতিবাৰৰ পৰা TMPK, MMK, TMMK উজনি আৰু নামনি সমিতিৰ উদ্যোগত ৪৮ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে(Protests demanding eviction drive in Lakhimpur) ।

Protests demanding eviction drive in Lakhimpur
উচ্ছেদ অভিযান চলোৱাৰ দাবীৰে প্ৰতিবাদ

উচ্ছেদ অভিযান চলোৱাৰ দাবীৰে প্ৰতিবাদ

লখিমপুৰ,২৪ মাৰ্চ: ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে নিৰন্তৰ চলিছে চৰকাৰৰ বুলডজাৰ(Eviction drive in Assam) । চৰকাৰী, সংৰক্ষিত ভূমি বেদখলমুক্ত কৰিবলৈ ৰাজ্যৰ বিভিন্ন জিলাত চলি আছে উচ্ছেদ অভিযান । লখিমপুৰ জিলাৰ পাভ বনাঞ্চলত উচ্ছেদ চলিল যদিও জিলাখনৰ বিভিন্ন স্থানত এটিয়াও বহু ভূমি বেদখলকাৰীৰ কবলত আছে । তেনে বেদখলীকৃত ভূমিত উচ্ছেদ চলোৱাৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৪৮ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তিনিটাকৈ মিচিং সংগঠনে(Protests demanding eviction drive in Lakhimpur) ।

লখিমপুৰত দীৰ্ঘদিন ধৰি চলি আহিছে খিলঞ্জীয়াৰ ভূমিত সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন । এনে আগ্ৰাসন বেদখলমুক্ত কৰাৰ দাবীৰে সহস্রাধিক ভূমিপুত্রই সাব্যস্ত কৰে তীব্র প্রতিবাদ । অৱশ্যে এই প্ৰতিবাদ কোনো ৰাজপথ বা চৰকাৰী কাৰ্যালয়ৰ সমীপত নহয় । এই প্ৰতিবাদ চৰচাপৰি মিচিং অধ্যুষিত অঞ্চলত সাব্যস্ত কৰা পৰিলক্ষিত হয় । জিলাখনৰ ভীমপৰা বৈকুণ্ঠপুৰত টি এম পি কেসহ তিনি মিচিং সংগঠনে ৰূপায়ণ কৰে ৪৮ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী(Three mising organisations protest in Lakhimpiur) ।

ভীমপৰা পঞ্চায়তৰ অন্তৰ্গত বৈকুণ্ঠপুত TMPK, MMK, TMMK উজনি আৰু নামনি সমিতিৰ উদ্যোগত ৪৮ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান, ভূমি বেদখল মুক্ত কৰা, আদি বিভিন্ন দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই । ঢকুৱাখনাৰ স্থানীয় বিধায়ককো সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ভৰত নৰহকো সকীয়নি প্ৰতিবাদকাৰীৰ । বেদখলকাৰীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ এখেতৰ বিৰুদ্ধে । শীঘ্রই উচ্ছেদ নকৰিলে ৰাজপথত গণতান্ত্রিক আন্দোলন গঢ়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ । গৰখুঁটিৰ দৰে এক বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্রীলৈ আহ্বান জনায় । উল্লেখ্য যে, চৰকাৰী মিছন বসুন্ধৰা আঁচনিখনো এই অঞ্চলত সঠিকভাৱে ৰূপায়িত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । যাৰ বাবে অঞ্চলটোত শতাধিক বিঘা ভূমি বেদখলকাৰীয়ে নিজৰ কবললৈ নিবলৈ সুযোগ লাগভ কৰিছে ।

উল্লেখ্য যে, লখিমপুৰ জিলাত কিছু দিনৰ পূৰ্বে পাভ সংৰক্ষিত বনাঞ্চলত চলিছিল বৃহৎ উচ্ছেদ অভিযান । কেইবা দশক ধৰি চৰকাৰীভাৱে গুৰুত্ব নিদিয়াৰ ফলত বেদখলকাৰীয়ে বনাঞ্চলখন দখল কৰি উচন কৰি পেলাইছিল । অৱশেষত চৰকাৰে বৃহৎ উচ্ছেদ অভিযান চলাই বনাঞ্চলখন বেদখল মুক্ত কৰে ।

চৰকাৰৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ ল'লেও জিলাখনৰ আন কেতবোৰ অঞ্চলৰ ভূমি বেদখলমুক্ত কৰিবলৈও দাবী জনাই আহিছে । পিছে চৰকাৰে এই পৰ্যন্ত জিলাখনৰ আন বেদখলীকৃত অঞ্চলত উচ্ছেদ অভিযান চলোৱা নাই । যাৰ বাবে উচ্ছেদ অভিযান চলোৱাৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৪৮ ঘন্টীয়া কাৰ্যসূচীৰে তিনি মিচিং সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: Vayu Prahar Multi Domain Exercise: ভাৰতীয় সেনা আৰু বায়ু সেনাৰ যৌথ 'বায়ু প্ৰহৰ' আখৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.