ETV Bharat / state

পথ নে পুখুৰী ? লখিমপুৰৰ এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক

author img

By

Published : Sep 16, 2020, 5:19 PM IST

Poor Road Condition In Lakhimpur Bihpuriya
লখিমপুৰৰ এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক

লখিমপুৰ জিলাৰ বিহপুৰীয়াত ৰাইজৰ প্ৰতিবাদ ৷ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক সকীয়নি ৰাইজৰ ৷ 2021 চ ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

লখিমপুৰ, 16 আগষ্ট : লখিমপুৰৰ বিহপুৰীয়াত হাতে হাতে প্লে'কাৰ্ড লৈ বিধায়ক দেবানন্দ হাজৰিকাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত NO Road, No Vote প্লে'কাৰ্ড লৈ গাঁওবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লখিমপুৰৰ এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি,নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা নুনিবাৰী-চকীয়াল হৈ মাজুলী সংযোগী সদা ব্যস্ত পথটো দীৰ্ঘদিনৰ পৰাই যাতায়তৰ অনুপযোগী হৈ থকাৰ পিচতো স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ অঞ্চলটোৰ ৰাইজে মিচিং স্বায়ত্ত শাসিত পৰিষদ,গাঁও পঞ্চায়তৰ লগতে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক বহুবাৰ আবেদন জনাইছিল যদিও কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাত বৰ্তমানেও বিপদসংকুলভাবে যাত্ৰা কৰিব লগা হৈছে ৰাইজে ৷

নিতৌ সহশ্ৰাধিক লোকে যাতায়ত কৰা উক্ত পথটোৰ দুৰৱস্থাৰ বাবে চকীয়াল,নুনিবাৰী,পাদীগাঁৱৰ উপৰি মাজুলী সমষ্টিৰ চেঙেলীসূতি,গোপালচুক,মিছামৰাকে ধৰি এক বৃহৎ অঞ্চললৈ যাব নোৱাৰে এম্বুলেঞ্চ ৷ আনকি,বিগত সময়ছোৱাত অন্যান্য ৰোখীৰ লগতে বহু কেইগৰাকী প্ৰসূতিও চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে অঞ্চলটোত ।

লগতে পঢ়ক : গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱঃভাঙি লণ্ডভণ্ড কৰিলে চৰকাৰী বিদ্যালয়

উল্লেখ্য যে, মাধৱদেৱ বিশ্ববিদ্যালয়,উন্নয়ন খণ্ড,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়,মহাত্মা গান্ধী আদৰ্শ হাস্পতাল,পশু চিকিৎসালয়,মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান-চৰকাৰী কাৰ্যালয়ৰ উপৰি ব্যৱসায়-বানিজ্যৰ বাবে যাবলৈ এই পথটোৱে হৈছে একমাত্ৰ পথ ৷ কিন্তু বিগত বহু বছৰৰ পৰাই যমৰ যাতনা ভুগি অহা ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিক পথটো মেৰামতি কৰিবৰ বাবে আবেদন জনোৱাৰ পিচতো পথ মেৰামতি নকৰাৰ বাবে ৰাইজে হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ বুধবাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাইজৰ দাবী অনুসৰি, 2021চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথটো মেৰামতি কৰক । অন্যথা ভোট বৰ্জনৰ লগতে অঞ্চলটোত সকলো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধকৰণৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাইজে ৷

লগতে পঢ়ক : ফেচবুকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.