ETV Bharat / state

ফেচবুকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে

author img

By

Published : Sep 16, 2020, 5:17 AM IST

শদিয়াত বিজেপি দলত যোগদানক লৈ বিধায়ক বলিন চেতিয়াৰ নাটক ৷ চৰকাৰী আচঁনিৰ আধাৰশিলা অনুষ্ঠানলৈ অহা লোকক বিজেপি দলত যোগদান কৰা বুলি নিজৰ ফেচবুক পে’জত প্ৰকাশ কৰাৰ পিচতেই ক্ষোভিত হৈ পৰিছে একাংশ ৰাইজ ৷ বিধায়কক সকিয়নী ক্ষোভিত ৰাইজৰ ৷

BOLIN CHETIA'S FACEBOOK POST
BOLIN CHETIA'S FACEBOOK POST

শদিয়া, 15 ছেপ্টেম্বৰ : 2121ত অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ৷ নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি তৎপৰ হোৱা দেখা গৈছে শাসক-বিৰোধী সকলো দলক ৷ প্ৰাক্ নিৰ্বাচনী কুচকাৱাজ হিচাপে আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলত যোগদানৰ প্ৰক্ৰিয়া ৷ কিন্তু তাৰ মাজতে চ’ছিয়েল মিডিয়াত স্থানীয় ৰাইজে বিজেপিত যোগদান কৰা বুলি প্ৰচাৰ কৰি জনতাৰ ৰোষত পৰিছে শদিয়াৰ বিধায়ক বলিন চেতিয়া ৷

BOLIN CHETIA'S FACEBOOK POST
সমষ্টিবাসীৰ ৰোষত বলিন চেতিয়া

চৰকাৰী আচঁনিৰ আধাৰশিলা অনুষ্ঠানলৈ অহা লোকক বিজেপি দলত যোগদান কৰা বুলি নিজৰ ফেচবুক পে’জত প্ৰকাশ কৰাৰ পিচতেই ক্ষোভিত হৈ পৰিছে একাংশ ৰাইজ ৷ যোৱা ১৩ ছেপ্টেম্বৰত শদিয়া সমষ্টিৰ ডিৰাক গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰংপুৰীয়া সংযোগী পথটোৰ পকীকৰণৰ আধাৰশিলা অনুষ্ঠানত গাঁওবাসী উপস্থিত থকাত সকলোকে বিধায়ক বলিন চেতিয়াই একোখনকৈ ফুলাম গামোচা আৰু একোখন বিজেপিৰ দলীয় গামোচা পিন্ধাইছিল ৷ ইয়াতে সকলো সমাপ্ত হৈছিল যদিও পিছদিনা বিভিন্ন চ'ছিয়েল মিডিয়াত ৰঙপুৰীয়াত বিজেপিত যোগদান বুলি প্ৰচাৰ কৰা ঘটনাত হতভম্ভ হৈ পৰিছে গাঁওবাসী ৷

BOLIN CHETIA'S FACEBOOK POST
এটা ফেচবুক প’ষ্টে বিপদত পেলাইছে বিধায়ক বলীন চেতিয়াক

নিজৰ ফেচবুক পে’জত বিধায়ক গৰাকীয়ে লিখে যে, ‘‘ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি-আদৰ্শ ও চৰকাৰৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ডিৰাক গা’ও পঞ্চায়তৰ অধীনৰ ৰংপুৰীয়া গাঁও আৰু হাঁহখাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত পাগলা সুঁতি গাঁৱৰ প্ৰায় ষাঠি গৰাকী পুৰুষ-মহিলা ও সক্ৰিয় কংগ্ৰেছ কৰ্মী আৰু বিভিন্ন দল সংগঠনৰ সদস্যই আনুষ্ঠানিক ভাৱে দলত যোগদান কৰে’’

আধাৰশিলা অনুষ্ঠানলৈ অহা লোকক ৰাম ঠগন বলিন চেতিয়াৰ

এনে নিকৃষ্ট ৰাজনীতিৰ পৰা বিধায়ক বলিন চেতিয়াক বিৰত থাকিবলৈ সংবাদ মাধ্যমৰ যোগেদি সকিয়াই দিছে ৰঙপুৰীয়া বাসী ৰাইজে ৷ লগতে তেওঁলোকে সেইদিনা বিজেপি দলত যোগদান কৰা নাছিল বুলি স্পষ্ট কৰি দিছে ৷ শদিয়া সমষ্টিৰ বিজেপি বিধায়ক গৰাকীৰ এনে কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সচতেনলোক মহলক ৷ লগতে বিগত ১৪ টা বছৰে অঞ্চলটোত বিশেষ উন্নয়ন নকৰাৰ অভিযোগ গাঁওবাসীৰ ৷

লগতে পঢ়ক : উত্তৰ-পূৱৰ সম্বন্ধ অটুট ৰখাৰ উদ্দেশ্যেৰে অৰুণাচলৰ শিল্পীৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.