ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱঃভাঙি লণ্ডভণ্ড কৰিলে চৰকাৰী বিদ্যালয়

author img

By

Published : Sep 16, 2020, 10:13 AM IST

গোলাঘাটৰ থুৰামুখতো দেখা পোৱা গ'ল বন্যহস্তীৰ উপদ্ৰৱ ৷ বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ চলাই থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ পকী বেৰ, খিৰিকী-দুৱাৰ আদি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কাৰ্যালয়ৰ আচবাবো ভাঙি তচনচ কৰে ৷

Wild elephant infestation in Golaghat
গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱঃভাঙি লণ্ডভণ্ড কৰিলে চৰকাৰী বিদ্যলয়

গোলাঘাট,16 ছেপ্তেম্বৰঃৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ গোলাঘাটৰ থুৰামুখতো দেখা পোৱা গ'ল বন্যহস্তীৰ উপদ্ৰৱ ৷ বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলাই থুৰামুখত ৷ অঞ্চলটোৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পকী বেৰ, খিৰিকী-দুৱাৰ আদি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কাৰ্যালয়ৰ আচবাবো ভাঙি তচনচ কৰে ৷

গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱঃভাঙি লণ্ডভণ্ড কৰিলে চৰকাৰী বিদ্যলয়

ইপিনে বন্যহস্তীৰ জাকটোক খেদি পঠিওৱাৰ বাবে বন বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক পুতুল চন্দ্ৰ বৰাই হাতীৰ উপদ্ৰৱৰ ফলত বিদ্যালয়খনৰ যথেষ্ট ক্ষয়-ক্ষতি হোৱাৰ লগতে পুনঃ নিৰ্মাণৰ বাবে পুঁজিৰ অভাৱৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃফেচবুকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.