ETV Bharat / state

মানচিত্ৰৰ পৰা হেৰাই যাব নেকি পাভ অভয়াৰণ্য ?

author img

By

Published : Aug 19, 2021, 9:54 PM IST

মানচিত্ৰৰ পৰা হেৰাই যোৱা উপক্ৰম হৈছে এখন অভয়াৰণ্য ৷ সোৱণশিৰিৰ তীব্র খহনীয়া সন্দেহজনক নাগৰিকৰ অবাধ বেদখলৰ পৰিণতিত নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক পাভ অভয়াৰণ্য ৷

pabho-wildlife-sanctuary-in-serious-threat
মানচিত্ৰৰ পৰা হেৰাই যাব নেকি পাভ অভয়াৰণ্য ?

নাওবৈচা,১৯ আগষ্ট : ব্যাপক অস্তিত্বৰ সংকটত ভুগিছে ৰাণী ভিক্টোৰিয়াৰ দিনতে অভয়াৰণ্যৰূপে স্বীকৃতি লাভ কৰা পাভ অভয়াৰণ্যই ৷ এফালে, সোৱণশিৰিৰ প্ৰচণ্ড খহনীয়া, আনফালে এচাম সন্দেহজনক লোকৰ অবাধ বেদখলে ভাবুকি মাতি আনিছে অভয়াৰণ্যখনলৈ ৷ সম্প্ৰতি, মানচিত্ৰৰ পৰাই হেৰাই যোৱাৰ উপক্ৰম হৈছে এসময়ত বনৰীয়া মহৰ বাবে পৃথিৱী বিখ্যাত অভয়াৰণ্যখনক ।

চৰকাৰী তথ্য মতে, মুঠ ৪,৯০০ হেক্টৰ মাটিকালিৰ অভয়াৰণ্যখনৰ বৰ্তমান ২,৫৫০ হেক্টৰ ভূমি বেদখলকাৰীৰ কৱলত পৰি নিচিহ্ন হৈছে । এসময়ৰ লখিমপুৰ জিলাৰ পূৱ আৰু দক্ষিণ অঞ্চলত ৰঙানদী সোৱণশিৰি আৰু ডিক্ৰঙৰ মিলনঠালিলৈকে বিস্তৃত পাভ অভয়াৰণ্য এতিয়া এখন জন অৰণ্যলৈ পৰিণত হোৱা দেখা গৈছে ।

মানচিত্ৰৰ পৰা হেৰাই যাব নেকি পাভ অভয়াৰণ্য ?

উল্লেখযোগ্য যে, অভয়াৰণ্যখনৰ এটা বৃহৎ অংশ বিগত কিছু বছৰৰ পৰা সোৱণশিৰিৰ তীব্ৰ খহনীয়াত জাহ গৈ থকাটোৱেও প্ৰকৃতিপ্ৰেমী ৰাইজক উদ্বিগ্ন কৰি তুলিছে ।

আনহাতে, চৰকাৰী তথ্যমতে মুঠ ৪৯ বৰ্গ কিলোমিটাৰ অৰণ্যখনৰ ভূমি ১৯৯৬ চনৰ ৩১আগষ্টত প্ৰথমে মুঠ ১৫০বিঘা, একেটা বৰ্ষৰ ১২ছেপ্টেম্বৰত মুঠ ৩১০ বিঘা আৰু ৩০ ছেপ্টেম্বৰত ১,৪২০ বিঘা অভয়াৰণ্যখনৰ মাটি হস্তান্তৰ কৰি ভগনীয়া ,গড়াখহনীয়াত বিপৰ্যস্ত কৃষকক প্ৰদান কৰা হৈছিল ।শেহতীয়া তথ্য মতে মুঠ ২,৫৫০ হেক্টৰ ভূমি বেদখলৰকাৰীৰ কৱলত আছে ৷

এসময়ত, অটব্য অৰণ্যৰ লগতে বনৰীয়া জীৱ জন্তুৰ পশু পক্ষীৰে পৰিপূৰ্ণ অভয়াৰণ্যখন বৰ্তমান বিভিন্ন ধৰণৰ খেতি, ঘৰচীয়া ম’হৰ খুটি, সন্দেহজনক নাগৰিকৰ জুপুৰিৰে ভৰি পৰিছে । আনহাতে অভয়াৰণ্যৰ নামত যিকেইডাল শিমলুগছ বাচি আছেগৈ, সেইকেইডালো বৰ্তমান চোৰাং কাঠ বেপাৰীয়ে কাটি তহিলং কৰিছে । এনে পৰিস্থিতিত এতিয়া ৰাজ্য চৰকাৰৰ বন বিভাগ তথা নাওবৈচা, লখিমপুৰ আৰু বিহপুৰীয়া সমষ্টিৰ তিনি বিধায়কৰ সক্ৰিয়তা বিচাৰিছে স্থানীয় প্ৰকৃতি প্ৰেমী ৰাইজে ৷

লগতে পঢ়ক : Khela Hobe : শিলচৰত উপস্থিত হৈয়েই ক’লে সুস্মিতা দেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.