Khela Hobe : শিলচৰত উপস্থিত হৈয়েই ক’লে সুস্মিতা দেৱে

author img

By

Published : Aug 19, 2021, 7:02 PM IST

Khela Hobe

শিলচৰতো খেলা হবে ৷ বৃহস্পতিবাৰে কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হৈ এই কথা ক’লে সুস্মিতা দেৱে ৷ ইতিমধ্যে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিছে প্ৰাক্তন কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰে অসমত উপস্থিত হোৱাৰ পৰত সুস্মিতা দেৱক একাংশ সমৰ্থকে শিলচৰ বিমান বন্দৰত আদৰণি জনায় ৷

শিলচৰ, 19 আগষ্ট : তৃণমূল কংগ্ৰেছত যোগদিয়াৰ পাচত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে শিলচৰত উপস্থিত হ’ল প্ৰাক্তন সাংসদ সুস্মিতা দেৱ ৷ পুৱা 11.40 মিনিটত শিলচৰৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হয় নেত্ৰীগৰাকী ৷ বিমান বন্দৰত ভৰি থৈয়েই খেলা হবে ধ্বনি দিলে সুস্মিতা দেৱে ৷ অসংখ্য সমৰ্থকে বিমান বন্দৰত আদৰণি জনায় সুস্মিতা দেৱক ৷ বিমান বন্দৰৰ পৰা এক বিশাল সমদলৰ দ্বাৰা সুস্মিতা দেৱক লৈ যোৱা হয় কাছাৰ ক্লাৱলৈ ৷

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

কাছাৰ ক্লাৱত উপস্থিত হৈ সমৰ্থকক উদ্দশ্যি নিজৰ বক্তব্য প্ৰদান কৰে সুস্মিতা দেৱে ৷ সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে, স্বেচ্ছাই তেওঁ কংগ্ৰেছ ত্যাগ কৰি যোগ দিছে তৃণমূল কংগ্ৰেছত ৷ দীৰ্ঘ ম্যাদী ৰাজনৈতিক জীৱনৰ বাবেই মমতা বেনাৰ্জীৰ দলত যোগদান কৰা বুলি নিজমুখে স্বীকাৰ কৰে সুস্মিতা দেৱে ৷ মমতা বেনাৰ্জীয়ে এতিয়া যি দায়িত্বই দিয়ে তাক পালন কৰিবলৈ সাজ বুলি জানিবলৈ দিয়ে নেত্ৰীগৰাকীয়ে ৷

বৃহস্পতিবাৰে শিলচৰত উপস্থিত হ’ল প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

আনহাতে, ৰাজ্যসভাৰ সাংসদ হ’ব নেকি বুলি সাংবাদিকে সোধা আন এটা প্ৰশ্নৰ উত্তৰত সুস্মিতা দেৱে কয় যে, আন ৰাজনৈতিক দলে পূৰ্বেই দিছিল এই অফাৰ ৷ এতিয়া তেওঁক ৰাজ্যসভালৈ প্ৰক্ষেপ কৰা-নকৰাতো মমতা বেনাৰ্জীৰ ওপৰত নিৰ্ভৰ কৰিব বুলি স্পষ্ট কৰি দিয়ে সুস্মিতা দেৱে ৷

15 আগষ্টৰ নিশাই সুস্মিতাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ছোনিয়া গান্ধীলৈ ৷ একেদিনাই বিয়লিলৈ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰেইনে তৃণমূল কংগ্ৰেছলৈ আদৰণি জনায় সুস্মিতা দেৱক ৷

লগতে পঢ়ক : কংগ্ৰেছে কি দিয়া নাছিল সুস্মিতাক ?

উল্লেখ যোগ্য যে, যোৱা 16 আগষ্টত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱে ৷ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা সুস্মিতাৰ পদত্যাগ পত্ৰত উল্লেখ নাছিল কোনো বিশেষ কাৰণ ৷ সুস্মিতাৰ পদত্যাগৰ কথা বহুতেই গম পাইছিল তেওঁৰ টুইটাৰ একাউন্টৰ পৰা ৷ কিয়নো 16 তাৰিখে সকলোৱে দেখিছিল যে, নিজৰ প্ৰফাইলত সুস্মিতা দেৱে নিজকে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী বুলি উল্লেখ কৰিছিল ৷

সুস্মিতা দেৱৰ তৃণমূল গমনে বৰাকত কংগ্ৰেছৰ ভেটিত কম্পন সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো, স্বতঃস্ফূৰ্তভাৱে সুস্মিতা দেবক সমৰ্থন কৰা দেখা গৈছে তেওঁৰেই পূৰ্বৰ একাংশ সমৰ্থকে ৷ তাৰে সৰহ সংখ্যক বৰ্তমানেও কংগ্ৰেছৰ ছাতিৰ তলতেই আছে ৷ কিন্তু লাহে লাহে সেই সকল লোক যে তৃণমূললৈ গতি কৰিব ই ধূৰূপ ৷ কাৰণ ইতিমধ্যে তৃণমূলত যোগ দিয়া সুস্মিতাই নিজৰ ভেটি শক্তিশালী কৰিবলৈ সমৰ্থকসকলক নিশ্চয় তৃণমূললৈ আমন্ত্ৰণ জনাব ৷ গতিকে কংগ্ৰেছৰ বাবে বৰাকত পৰৱৰ্তী নিৰ্বাচন সমূহত সুস্মিতা দেৱ প্ৰাসংগিক হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক : তৃণমূলত সুস্মিতাৰ যোগদানে খহাইছে বৰাকত কংগ্ৰেছৰ ভেঁটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.