ETV Bharat / state

Thengal Kachari Election : অন্ত পৰিল ঠেঙাল কছাৰী পৰিষদৰ মনোনয়ন দাখিল পৰ্ব

author img

By

Published : Dec 31, 2021, 8:42 PM IST

শুকুৰবাৰে অন্ত পৰিল ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council election)ৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব । ৰাজ্যৰ ৫ খন জিলাক সামৰি ২২ টা সমষ্টিত ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব পৰিষদৰ নিৰ্বাচন ৷

অন্ত পৰিল ঠেঙাল কছাৰী পৰিষদৰ মনোনয়ন দাখিল পৰ্ব
অন্ত পৰিল ঠেঙাল কছাৰী পৰিষদৰ মনোনয়ন দাখিল পৰ্ব

লখিমপুৰ, ৩১ ডিচেম্বৰ : শুকুৰবাৰে বিয়লি তিনি বজাৰ লগে লগে অন্ত পৰিল ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council election)ৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব । ২০ জানুৱাৰীত ৰাজ্যৰ ৫ খন জিলাক সামৰি থকা পৰিষদখনৰ ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন । এই নিৰ্বাচনে নিৰ্ণয় কৰিব প্ৰায় এক লাখ ভোটাৰৰ সিদ্ধান্ত ।

লখিমপুৰ জিলাত থকা পৰিষদখনৰ ৫ টা সমষ্টিৰ বাবে মুঠ ১১ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । শাসক-বিৰোধী উভয় দলেই পৰিষদখন দখলৰ যুঁজত নামি পৰিছে । পৰিষদখনৰ লখিমপুৰ জিলাত থকা ১৬ নং বঙালমৰা পূৱ ডিক্ৰং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ কৃষ্ণ হাজৰীকা আৰু বিজেপি দলৰ লেখন বৰাৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়নপত্ৰ দাখিল কৰে বটুকৃষ্ণ বৰাই ৷

অন্ত পৰিল ঠেঙাল কছাৰী পৰিষদৰ মনোনয়ন দাখিল পৰ্ব

১৭ নং পাভ লালুক সমষ্টিৰ পৰা কংগ্ৰেছৰ মহেন্দ্ৰ শইকীয়া আৰু বিজেপিৰ কেশৱ নেওগে প্ৰাৰ্থীত্ব আগবঢ়াইছে । ১৮ নং লখিমপুৰ পূৱ সমষ্টি ৰ পৰা কংগ্ৰেছৰ তুলুমণি সোণোৱাল বৰা আৰু বিজেপিৰ জ্যোতি বৰা শইকীয়া প্ৰতিদ্বন্দিতাত নামিছে । ১৯ নং বিহপুৰীয়া দক্ষিণ সমষ্টিৰ পৰা কংগ্ৰেছৰ ৰাজ কুমাৰ বৰা আৰু বিজেপিৰ কেশৰাম বৰাই মনোনয়ন পত্ৰ দাখিল কৰে ।

আনহাতে, ২০ নং হাৰমতী জকাই পেলোৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ অপূৰ্ব হাজৰিকাই মনোনয়ন দাখিল কৰাৰ বিপৰীতে শাসকীয় বিজেপি দলে সমষ্টিটো মিত্ৰদল অগপক এৰি দিয়ে । সমষ্টিটোৰ পৰা অগপ দলৰ প্ৰাৰ্থী ধনেশ্বৰ হাজৰিকাই প্ৰাৰ্থীত্ব আগবঢ়াইছে । মনোনয়ন পত্ৰ দাখিল কৰি শাসকীয় বিজেপি দলৰ প্ৰতি হুংকাৰ দিছে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ।

এই নিৰ্বাচনত বিগত নিৰ্বাচনৰ পৰাজয়ৰ পোতক তোলাৰ লগতে পৰিষদখনৰ আটাইকেইটা সমষ্টি কংগ্ৰেছ দলে দখল কৰিব বুলি কয় কংগ্ৰেছ প্ৰাৰ্থীসকলে ।

লগতে পঢ়ক: Thengal Kachari Election: তিতাবৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.