ETV Bharat / state

Thengal Kachari Election: তিতাবৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Dec 30, 2021, 10:13 PM IST

তিতাবৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
তিতাবৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council election) ৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত তিতাবৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । তিতাবৰ মহকুমাৰ অন্তৰ্গত পৰিষদৰ মুঠ ১০ টা সমষ্টিৰ ভিতৰত দুটা সমষ্টিৰ বাবে পূৰ্ণেশ্বৰ শইকীয়া আৰু অনিল কছাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

তিতাবৰ, 30 ডিচেম্বৰ : জানুৱাৰীৰ 20 তাৰিখে অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council election) ৰ বাবে 30 আৰু 31 ডিচেম্বৰত গ্ৰহণ কৰা হৈছে মনোনয়ন পত্ৰ ৷ পৰিষদৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন সমষ্টিত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰথম দিনটোত মনোনয়ন পত্ৰ দাখিল কৰে ৷ তিতাবৰ সমষ্টিতো বৃহস্পতিবাৰে দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

তিতাবৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

তিতাবৰ মহকুমাৰ অন্তৰ্গত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১০ টা সমষ্টিৰ ভিতৰত দুটা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । পৰিষদৰ ৯ নং জালুকনিবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী পূৰ্ণেশ্বৰ শইকীয়া আৰু ৩ নং মাধপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল কছাৰীয়ে তিতাবৰৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰি দুয়োগৰাকী প্ৰাৰ্থীয়ে এশ শতাংশ জয় নিশ্চিত বুলি দাবী কৰে ৷

আনহাতে মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত লখিমপুৰত কংগ্ৰেছৰ তুলুমণি সোণোৱাল বৰাই লখিমপুৰ পূৱ সমষ্টিৰ পৰা আৰু বিহপুৰীয়া (দক্ষিণ) সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী কেশৰাম বৰাই মনোনয়ন পত্ৰ দাখিল কৰে ।

লগতে পঢ়ক : ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ মনোনয়ন দাখিল কেশৰাম বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.