ETV Bharat / state

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ মনোনয়ন দাখিল কেশৰাম বৰাৰ

author img

By

Published : Dec 30, 2021, 7:17 PM IST

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ (Thengal Kachari Autonomous Council election)ৰ বাবে লখিমপুৰত বৃহস্পতিবাৰে দুই প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল । কংগ্ৰেছৰ তুলুমণি সোণোৱাল আৰু বিজেপিৰ কেশৰাম বৰাৰ মনোনয়ন দাখিল ৷

ঠেঙাল পৰিষদৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল
ঠেঙাল পৰিষদৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল

লখিমপুৰ, 30 ডিচেম্বৰ : 20 জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ(Thengal Kachari Autonomous Council election) মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত লখিমপুৰত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । মুঠ ২২ টা সমষ্টি থকা ঠেঙাল পৰিষদৰ লখিমপুৰ জিলাত আছে পাঁচটা সমষ্টি ।

পৰিষদখনৰ আগন্তুক নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰথম দিনটোত লখিমপুৰত কংগ্ৰেছৰ তুলুমণি সোণোৱাল বৰাই লখিমপুৰ পূৱ সমষ্টিৰ পৰা আৰু বিহপুৰীয়া (দক্ষিণ) সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী কেশৰাম বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । দলীয় কৰ্মীৰ হৰ্ষোল্লাসৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছৰ প্ৰাথী তুলুমণি সোণোৱাল বৰাই নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব বুলি কয় ।

ঠেঙাল পৰিষদৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল

জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈয়ে আগন্তুক নিৰ্বাচনত ঠেঙাল পৰিষদখন কংগ্ৰেছ দলেই দখল কৰিব বুলি দাবী কৰে । উল্লেখ্য যে, বিগত বিধান সভাৰ নিৰ্বাচনত হতাশজনক ফলাফল দেখুৱা কংগ্ৰেছ দলৰ বাবে এই নিৰ্বাচন এক সন্মান ৰক্ষাৰ যুঁজ হৈ পৰাত সৰ্বশক্তিৰে আগন্তুক নিৰ্বাচনত যুঁজ দিয়াৰ বাবে প্ৰস্তুতি চলাইছে দলটোৱে ।

আনহাতে 27 নৱেম্বৰত অসম গণ পৰিষদ দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰা (AGP leader Kesharam Bora Joins BJP) অগপৰ প্ৰাক্তন উপ-সভাপতি তথা বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰায়ো বিহপুৰীয়া (দক্ষিণ) সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক: AGP leader joins BJP: অগপ এৰি বিজেপিত যোগদান অগপৰ জ্যেষ্ঠ নেতা কেশৰাম বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.