ETV Bharat / state

নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰত !

author img

By

Published : Sep 9, 2021, 6:47 PM IST

সমগ্র ৰাজ্যকে কঁপাই যোৱা নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰতো । ইতিমধ্যে এনে সংশয়ে গা কৰি উঠিছে জিলাখনত ।

nimatighat ferry incident
লখিমপুৰতো ঘটিব পাৰে নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি

লখিমপুৰ, ৯ ছেপ্টেম্বৰ : লখিমপুৰতো ঘটিব পাৰে নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি । ইতিমধ্যে এনে সংশয় আৰু সম্ভাৱনাই গা কৰি উঠিছে । জিলাখনৰ বিভিন্ন ঘাটত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নিয়ম-নীতি পালন নকৰাকৈ চলি আছে ফেৰী, ভটভটি অথবা মেচিন নাও । যাত্ৰীৰ সুৰক্ষা ব্যৱস্থা নোহোৱা, প্ৰয়োজনতকৈ অধিক বোজাই নিয়া, যাত্ৰীৰ তথ্য লিপিবদ্ধ নকৰা আদি দেধাৰ অনিয়মৰ অভিযোগ উঠিছে আভ্যন্তৰীণ জল পৰিবহন সেৱাৰ বিৰুদ্ধে ।

nimatighat ferry incident
লখিমপুৰতো ঘটিব পাৰে নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি

জিলা খনৰ বিভিন্ন ঘাটত জৰাজীৰ্ণ ৰূপত বিপদ জনক ভাৱে চলিছে একাংশ ফেৰী, মেচিন নাও, ভটভটি । জিলাখনত ঘাগৰ ঘুণাসূঁতি, বদতি, জামুগুৰি, লুইত খাবলুত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফেৰী চলাৰ উপৰিও মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু পঞ্চায়ত আদিৰ অধীনতো চলি আছে সৰু-বৰ একাংশ ঘাট ।

নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰত !

দুৰ্বল মেচিন নাও, ভটভটি আদিৰে বিপদজনক ৰূপত যাত্ৰীয়ে পাৰাপাৰ হ’ব লগীয়া হৈছে যদিও চাওতা কোনো নাই । কেইদিনমানৰ পূৰ্বে জিলা প্ৰশাসনে ঘুণাসূঁতি লৈ বান সাহায্য কঢ়িয়াই নিয়া এনে এখন দুৰ্বল ভটভটি দুডোখৰ হৈ ভাগি সোৱণশিৰিত বিলীন হৈছিল শ শ বস্তা চাউল, দাইল আদি । ভটভটিখনে সেই সময়ত যাত্ৰী লৈ যোৱা হলে নিমাতীঘাট ট্ৰেজেডিৰ আগতেই লখিমপুৰত আন এক শোকাৱহ ঘটনা সংঘটিত হ’ল হেতেন ।

এনে ঘটনা প্ৰত্যক্ষ কৰাৰ পাচতো চকু দিবলৈ কাৰো আহৰি নাই । যাৰ বাবে লখিমপুৰত নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে । এই লৈ ক্ষোভ প্রকাশ কৰি সময় থাকোতেই ব্যৱস্থা লোৱাৰ দাবী জনাইছে দল-সংগঠনে ।
লগতে পঢ়ক : নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.