ETV Bharat / state

Drought in Lakhimpur: লখিমপুৰত ৰঙানদীৰ মৰুভূমি, নিপকোৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ

author img

By

Published : Dec 19, 2022, 2:00 PM IST

Draught in Lakhimpur
লখিমপুৰত ৰঙানদীৰ মৰুভূমি

সংকটত পৰিছে লখিমপুৰ জিলাৰ জীৱনৰেখা স্বৰূপ ৰঙানদী (Ranganadi river in crisis)! বাৰিষা মহাপ্ৰলয় সৃষ্টি কৰা নৈখন এতিয়া মৰুভূমিত পৰিণত । একমাত্ৰ নিপকোৰ হঠকাৰী পদক্ষেপৰ বাবে সমস্যাত পৰিছে নৈপৰীয়া ৰাইজ । নিপকোৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় সংগঠন ।

লখিমপুৰত ৰঙানদীৰ মৰুভূমি

লখিমপুৰ, ১৯ ডিচেম্বৰ : ৰাজ্যৰ ভিতৰতে শস্য উৎপাদনত চহকী অন্যতম জিলা হিচাপে এক সুনাম আছে লখিমপুৰ জিলাৰ । জিলাখনৰ নামটো সম্পর্কে থকা কেইবাটাও প্ৰবাদৰ ভিতৰত 'লখিমীৰে ভৰপূৰ' বাবেই জিলাখনৰ নাম লখিমপুৰ হোৱা বুলি প্ৰচলিত হৈ আহিছে । শস্য উভৈনদী হৈ থকা জিলাখনৰ প্ৰাকৃতিক সম্পদৰ প্ৰচুৰতাও চকুত লগা । অৱশ্যে এই সকলোবোৰৰ বাবে জিলাখনৰ নদীসমূহৰ অৱদান অপৰিসীম ।

কিছুদিনলৈ নদীসমূহৰ কাষৰীয়া অঞ্চলত উভৈনদী হৈ আছিল শস্য । যোৱা কিছু বছৰ আগলৈ তেনে দৃশ্য সুলভ আছিল লখিমপুৰৰত । কিন্তু নদীৰ পাৰৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতা লাহে লাহে বিনষ্ট হৈ পৰিছে । বিশেষকৈ ৰঙানদীৰ পাৰৰ অঞ্চলত পূৰ্বৰ দৰে শস্য উৎপাদন নোহোৱা হৈ পৰিছে ।

ইয়াৰ মূলতে আছে নিপকোৰ অদূৰদৰ্শী কাৰ্যকলাপ (NEEPCO dam impact in Lakhimpur)। অৰুণাচল প্ৰদেশৰ য়াজালিত নিপকোৱে ৪০৫ মেগাৱাট শক্তিৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ পাছৰে পৰা লখিমপুৰত ৰঙানদীৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে ৷ কিয়নো বাৰিষা কালত প্ৰকল্পটোত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে নিপকোৱে অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিয়ে । ফলত লখিমপুৰত নৈখনে জলপ্ৰলয়ৰ সৃষ্টি কৰে (NEEPCO created flood in Lakhimpur)।

মথাউৰি, দলং, পথ ভাগি ভয়ংকৰ পৰিৱেশৰ সূচনা কৰে নদীখনে । নদীখনৰ বহন ক্ষমতাতকৈয়ো অধিক পানী জাপি দিয়াৰ ফলত নৈখনে লখিমপুৰত কালৰূপ ধাৰণ কৰে । প্ৰতিবছৰে বাৰিষা কালত নদীখনে জিলাখনৰ বিস্তৰ ক্ষতি কৰি আহিছে । পিছে কেৱল বাৰিষাতে নহয় ।

খৰালিও নদীখনে যথেষ্ট প্ৰভাৱ পেলায় লখিমপুৰত । খৰালি কালত নদীৰ পানী কমি যোৱাৰ ফলত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰয়োজনীয় পানী ধৰি ৰাখিব লৈ নিপকোৱে জলাধাৰৰ গেট সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ফলত নদীখন শুকাই যায় । নদীখনৰ বক্ষ মৰুভূমিত পৰিণত হয় । নদীৰ পাৰৰ গছ-বিৰিখ পৰ্যন্ত শুকাই যায় (Draught in Lakhimpur)।

ইফালে বিভিন্ন শষ্যৰ উৎপাদনো লক্ষণীয়ভাৱে কমি যায় । ফলস্বৰূপে নৈপৰীয়া অঞ্চলৰ ৰাইজৰ জীৱন জীৱিকাত যথেষ্ট পৰিমাণে নেতিবাচক প্রভাৱ পৰে । কেৱল নিপকোৰ বাবেই নৈপৰীয়া ৰাইজে কি বাৰিষা কি খৰালি সকলো সময়তে দুৰ্ভোগ ভূগিবলগীয়া হৈছে । যাৰ বাবে নিপকোক লখিমপুৰ জিলাৰ বিস্তৰ ক্ষতিৰ কাৰক হিচাপে গণ্য কৰিছে ৰাইজে । ইফালে নিপকোৰ অদূৰদৰ্শী কাৰ্যকলাপ অতিশীঘ্ৰে বন্ধ কৰিবলৈও দাবী জনাইছে লখিমপুৰৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে ।

লগতে পঢ়ক :Apiculture farming at west bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.