ETV Bharat / state

ৰন্ধন কৰ্মীয়ে লৈছে হিংসাত্মক ৰূপ ! লখিমপুৰত আৰক্ষীলৈ শিলগুটি নিক্ষেপ

author img

By

Published : Oct 31, 2019, 2:38 PM IST

ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো বেচৰকাৰী সংস্থাক গতাই দিয়া বিষয়ক লৈ সমগ্ৰ অসম জুৰি মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অব্যাহত ৰাখিছে তুমূল আন্দোলন

লখিমপুৰ, 31 অক্টোবৰঃ বৃহস্পতিবাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আন্দোলনে লখিমপুৰত ল'লে হিংসাত্মক ৰূপ ।মধ্যাহ্ন ভোজন ৰান্ধনী ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ সহস্ৰাধিক কৰ্মীয়ে গঢ়ি তোলে তীব্ৰ আন্দোলন ৷ লখিমপুৰৰ জাপিসজীয়াত স্থাপন কৰা বেচৰকাৰী সংস্থা পাৰচ এগ্ৰ চ'ছাইটিৰ কাৰ্যালয়ত থাল বাতি বজাই তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা ৰান্ধনী ইউনিয়নৰ লগত আৰক্ষী-চি আৰ পি এফৰ তুমূল খণ্ড যুদ্ধ সংঘটিত হয় ৷

ৰন্ধন কৰ্মীৰ প্ৰতিবাদ
বহু সময় ধৰি উত্তপ্ত হৈ থাকিল জাপিসজীয়াস্থিত পাৰচ এগ্ৰ চ'ছাইটিৰ কাৰ্যালয় ৷ আৰক্ষীৰ বাঁহৰ বেৰিকেড ভাঙি দিয়ে প্ৰতিবাদকাৰী সকলে। ক্ষতিসাধন কৰে এখন চাৰি চকীয়া বাহনৰো ।প্ৰতিবাদকাৰীসকলে ছিন্ন ভিন্ন কৰিলে কাৰ্যালয়টোৰ চাৰিবেৰাৰ সামগ্ৰীও । উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও চলাবলগীয়া হয় লাঠী ৷পৰৱৰ্তী সময়ত উপায়ুক্তৰ লগত প্ৰতিবাদকাৰী সকলৰ প্ৰতিনিধি দলক আলোচনা কৰিবলৈ আৰক্ষীয়ে সুবিধা কৰি দিয়াত সাময়িকভাৱে শাম কাটে পৰিস্থিতিৰ ৷
Intro:ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ব্যবস্থাটো বেচৰকাৰী সংস্থাক গতাই দিয়া বিষয়ক লৈ সমগ্ৰ অসম জুৰি মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অব্যাহত ৰাখিছে তুমুল আন্দোলন

Body:বৃহস্পতি বাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আন্দোলনে লক্ষীমপুৰত ললে হিংসাত্মক ৰূপ ।মধ্যাহ্ন ভোজন ৰান্ধনী ইউনিয়নৰ লক্ষীমপুৰ জিলা সমিতিৰ সহস্ৰাধিক কৰ্মীয়ে ত্ৰীব্ৰ আন্দোলন গঢ়ি তোলে জাপিসজীয়াত স্থাপন কৰা বেচৰকাৰী সংস্থা paras agro society ৰ কাৰ্য্যালয়ত ।থাল বাতি বজাই ত্ৰীব্ৰ প্ৰতিবাদ গঢ়ি তোলা ৰান্ধনী ইউনিয়নৰ লগত আৰক্ষী -চি আৰ পি এফ ৰ লাগিল তুমুল খণ্ড যুদ্ধ
বহু সময় ধৰি উত্তপ্ত হৈ থাকিল জাপিসজীয়াস্থ paras agro society ৰ কাৰ্য্যালয় । আৰক্ষীৰ বাহৰ বেৰিকেড ভাঙিলে প্ৰতিবাদ কাৰী সকলে ।
ক্ষতি সাধন কৰিলে এখন চাৰি চকীয়া বাঢ়নৰো ।প্ৰতিবাদ কাৰী সকলে ছিন্ন ভিন্ন কৰিলে কাৰ্য্যালয়টোৰ চাৰিবেৰাৰ সামগ্ৰীও । উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও চলাব লগীয়া হল লাঠি ।
Conclusion:
পৰবৰ্তী সময়ত উপায়ুক্তৰ লগত প্ৰতিবাদ কাৰী সকলৰ প্ৰতিনিধি দলক আলোচনা কৰিবলৈ আৰক্ষীয়ে সুবিধা কৰি দিয়াত সাময়িক ভাবে শাম কাটে পৰিস্থিতিৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.