ETV Bharat / state

Lok Kalyan Divas:লখিমপুৰত কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

author img

By

Published : Aug 5, 2023, 7:48 PM IST

Lok kailyan diwas in lakhimpur
গোপীনাথ বৰদলৈৰ স্মৃতিত লোক কল্যাণ দিৱস

শনিবাৰে ৰাজ্যজুৰি পালন কৰা হয় লোক কল্যাণ দিৱস । ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো এই দিৱস পালন কৰা হয় ।

গোপীনাথ বৰদলৈৰ স্মৃতিত লোক কল্যাণ দিৱস

লখিমপুৰ, ৫ আগষ্ট: সমগ্র ৰাজ্যৰ লগতে লখিমপুৰতো শনিবাৰে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতিত লোক কল্যাণ দিৱস জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই উদেশ্যে আয়োজিত সভাখনত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই । লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সন্মান জনোৱাৰ অৰ্থে এই দিনটোত চৰকাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আহিছে । শনিবাৰে লোক কল্যাণ দিৱসত জ্যেষ্ঠ সহায়ক অৰুণ বৰাক বিশেষ সন্মান জনোৱা হয় ।

উল্লেখ্য যে জিলাৰ আয়ুক্ত সুমিত সাত্তাৱানক ৰাজ্য চৰকাৰে আজি কৰ্মশ্ৰী সন্মান প্ৰদান কৰা বাবে আয়ুক্তগৰাকীৰ অনুপস্থিতিত সভাখন পৰিচালনা কৰে জিলা উন্নয়ন আয়ুক্তই । সভাখনত জিলা ভিত্তিত বঁটা প্ৰাপক তথা জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক অৰুণ বৰাক সম্মানিত কৰা হয় । তেওঁক জিলাৰ উন্নয়ন আয়ুক্তই গামোচা,মান পত্ৰ আৰু ২৫ হেজাৰ টকাৰে সম্বৰ্ধনা জনায় ।

এই বঁটা প্ৰাপক অৰুণ বৰাই অনুভৱ ব্যক্ত কৰি কয় এয়া তেওঁ নিষ্ঠা আৰু সততাৰে কাম কৰাৰ ফল। আনকো তেওঁ কৰ্তব্যৰ ক্ষেত্ৰত সততাৰে কাম কৰি দহক উপকৃত কৰাৰ আহ্বান জনায় । সভাখনত জিলাৰ অতিৰিক্ত আয়ুক্ত সঞ্জীব দলৈ,জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমকান্ত শইকীয়া, সাংবাদিক ৰঞ্জিত কাকতি আদিয়েও ভাষণ আগবঢ়ায় । জিলাৰ উন্নয়ন আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত জিলাৰ আয়ুক্ত সুমিত সাত্তাৱান আৰু লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কেচীয় কৰণ পেগুৱে ৰাজ্য চৰকাৰৰ কৰ্মশ্ৰী সন্মান লাভ কৰা বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । লগতে সকলোকে সেৱাৰ মনোভাবেৰে নিষ্ঠা আৰু সততাৰে কাম কৰি ৰাজ্যখনক এখন উন্নত ৰাজ্যৰ শাৰীলৈ আগুৱাই নিবলৈ আহ্বান জনায় ।

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি পৱিত্ৰ পুণ্যতিথি ৷ তেওঁৰ এই পৱিত্ৰ পুণ্যতিথি লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰে লোক কল্যাণ দিৱস ৷ শনিবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় এই দিৱস ৷ 'ভাৰতৰত্ন' সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই সমগ্ৰ ৰাজ্য লগতে লখিমপুৰতো লোক কল্যাণ দিৱস পালন কৰা হয় ।

লগতে পঢ়ক:Lok Kalyan Divas:যোৰহাটৰ দুই চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.