ETV Bharat / state

Lok Kalyan Divas:যোৰহাটৰ দুই চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

author img

By

Published : Aug 5, 2023, 3:02 PM IST

Lok Kalyan Divas
যোৰহাটৰ দুই চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে লোক কল্যাণ দিৱস ৷ 'ভাৰতৰত্ন' সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই সমগ্ৰ ৰাজ্য লগতে যোৰহাট থিয়েটাৰ হলত যোৰহাট জিলা প্ৰশাসন উদ্যোগত লোক কল্যাণ দিৱসৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে যোৰহাটৰ দুগৰাকীৰ চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰে আগৱঢ়োৱা লোক সেৱা পুৰস্কাৰে সন্মানিত কৰা হয় ৷

যোৰহাটৰ দুই চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

যোৰহাট,5 আগষ্ট: আজি অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৱিত্ৰ পুণ্যতিথি ৷ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ পৱিত্ৰ পুণ্যতিথি লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰিছিল লোক কল্যাণ দিৱস ৷ শনিবাৰে কলাক্ষেত্ৰত অসম চৰকাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই বাৰ লোক কল্যাণ দিৱস ৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে লোক কল্যাণ দিৱস ৷ 'ভাৰতৰত্ন' সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই সমগ্ৰ ৰাজ্য লগতে যোৰহাট থিয়েটাৰ হলত যোৰহাট জিলা প্ৰশাসন উদ্যোগত লোক কল্যাণ দিৱসৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে যোৰহাটৰ দুগৰাকী চৰকাৰী কৰ্মচাৰীক ৰাজ্য চৰকাৰে আগৱঢ়োৱা লোকসেৱা পুৰস্কাৰৰে সন্মানিত কৰা হয় ৷

যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক ৰন্টু নেওগ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় উচ্চ বৰ্গ সহায়ক মহেন্দ্ৰ কন্দলী পাঠকক সম্বৰ্ধনা জনোৱা হয় । আনহাতে যোৰহাট জিলা আয়ুক্ত পুলক মহন্তক কৰ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ৰাজ্য চৰকাৰে । তাৎপৰ্যপূৰ্ণ যে মাজুলীত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত মাজুলীক লৈ কৰা বিভিন্ন পৰিকল্পনা আৰু কৰ্মদক্ষতাৰ বাবে মহন্তক উক্ত সন্মান প্ৰদান কৰা হয়।

উল্লেখ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সন্মান জনোৱাৰ অৰ্থে চৰকাৰে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে । শনিবাৰে লোক কল্যাণ দিৱসত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, জিলা অতিৰিক্ত আয়ুক্ত মনজিৎ বৰকাকতি, অসম ঔদ্যোগিক আন্তঃগাথনি উন্নয়ন নিগম অধ্যক্ষ শান্তনু পুজাৰী উপস্থিত থাকে।

লগতে পঢ়ক:Lok Kalyan Divas : ভাৰতৰত্ন গোপীনাথ বৰদলৈক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.