ETV Bharat / state

Pabho Reserve Forest eviction 2nd day : দ্বিতীয় দিনাও পাভ বনাঞ্চলত চলিল প্ৰশাসনৰ বুলডজাৰ

author img

By

Published : Jan 11, 2023, 10:22 AM IST

Updated : Jan 11, 2023, 12:29 PM IST

পুৱা প্ৰায় ৮ মান বজাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান (2nd day eviction at Pabho Reserve Forest)। উচ্ছেদৰ দ্বিতীয় দিনা ম'হঘুলি অঞ্চলত প্ৰশাসনৰ এই অভিযান । ২০০ হেক্টৰ ভূমিৰ অঞ্চলটো প্ৰায় ২০২ টা পৰিয়ালে বেদখল কৰি আছিল ।

Pabho Reserve Forest eviction
দ্বিতীয় দিনাও পাভ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

দ্বিতীয় দিনাও পাভ বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

লখিমপুৰ,১১ জানুৱাৰী : বেদখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰ অধিক কঠোৰ হৈছে (Govt strict against encroachment)। শেহতীয়াকৈ বৰপেটাকে ধৰি কেইবাখনো সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পাছত বনাঞ্চলসমূহো বেদখলমুক্ত কৰাত গুৰুত্ব দিছে চৰকাৰে । লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলতো পৰিছে প্ৰশাসনৰ হাঁতোৰা ।

মঙলবাৰে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাৰ পাছত বুধবাৰে পুৱাৰে পৰা পুনৰ প্ৰশাসনে বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে । দীর্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল প্ৰশাসনে (Eviction drive at Pabho Reserve Forest)। চৰকাৰী তথ্য অনুসৰি বনাঞ্চলৰ মুঠ ৪৬২৫.৮৭ হেক্টৰ ভূমিৰ প্ৰায় ৫০১ হেক্টৰ বেদখলকাৰীৰ কবলত আছে । ইয়াৰে ২৫০ হেক্টৰ হ'ল বনাঞ্চলখনৰ আধাখনা এলেকাৰ আৰু ২০০ হেক্টৰ হ'ল ম'হঘুলি এলেকাৰ ।

উচ্ছেদ অভিযানৰ প্ৰথম দিনাই আধাখনা এলেকাৰ ২৯৯ টা পৰিয়ালৰ অৱশিষ্ট ঘৰ-বাৰী, খেতি পথাৰৰ শস্য় ধ্বংস কৰি পেলোৱা হৈছে । মঙলবাৰৰ সফল অভিযানৰ অন্তত বুধবাৰে পুৱাৰে পৰা ম'হঘুলি এলেকাত উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে (2nd day eviction at Pabho Reserve Forest)। বন বিভাগৰ সূত্ৰৰ মতে এই অঞ্চলটোত ২০০ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত আছে । অঞ্চলটোত প্ৰায় ২০২ টা পৰিয়ালে বনাঞ্চলৰ ভূমি বেদখল কৰি আছিল ।

ইতিমধ্যে পৰিয়ালবোৰে প্ৰায়বোৰ ঘৰ-বাৰী ভাঙি অন্য ঠাইলৈ গমন কৰিছে যদিও অৱশিষ্ট ঘৰ, শস্য আদিত পুৱাৰ পৰা চলিছে প্ৰশাসনৰ বুলডজাৰ । দ্বিতীয় দিনাৰ অভিযানো প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ শান্তিপূৰ্ণভাৱে চলি আছে ।

উল্লেখ্য যে বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰায় এসপ্তাহৰ পূৰ্বৰে পৰা আৰক্ষী তথা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছিল । আৰক্ষীৰ এনে যুদ্ধংদেহী স্থিতি দেখি বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি আতৰি গৈছে । যাৰ বাবে উচ্ছেদকাৰী দলে বেদখলকাৰীৰ অৱশিষ্ট সম্পত্তিবোৰত হে উচ্ছেদ চলাইছে (Two days eviction at Pabho Reserve Forest)। নষ্ট কৰি দিয়া হৈছে সৰিয়হকে ধৰি বহু ৰবি শস্য, পুতি পেলোৱা হৈছে মীনপালন পুখুৰী, পথ, গছ-গছনি আদিও ধ্বংস কৰি দিয়া হৈছে ।

জানিব পৰা মতে ম'হঘুলি অঞ্চলৰ আটাইকেইটা বেদখলকাৰী পৰিয়ালে সেই স্থানৰ পৰা ইতিমধ্যে আঁতৰি গৈছে । প্ৰায় ৬ শতাধিক নিৰাপত্তাৰক্ষীৰ লগতে জিলাখনৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়া, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, দণ্ডাধীশ আদিয়ে উচ্ছেদ অভিযানৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰা দেখা গৈছে ।

লগতে পঢ়ক:AIKS protest at Manikpur : মাণিকপুৰত নিখিল ভাৰত কৃষক সভাৰ অৱস্থান ধৰ্মঘট

Last Updated :Jan 11, 2023, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.