ETV Bharat / state

Lakhimpur Medical College Controversy: লখিমপুৰ মেডিকেল কলেজত খহিল প্ৰসূতি ৱাৰ্ডৰ চিলিং

author img

By

Published : Mar 7, 2023, 1:47 PM IST

লখিমপুৰ মেডিকেল কলেজত অঘটন
লখিমপুৰ মেডিকেল কলেজত অঘটন

কেৱল বিতর্কৰ বাবেইহে যেন নিৰ্মাণ কৰা হৈছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেল (Lakhimpur Medical College Hospital controversy) । যোৱা ফেব্ৰুৱাৰী মাহত উদ্বোধনৰ এবছৰ পূৰ্ণ হোৱা মেডিকেল কলেজখনক বাৰম্বাৰ বিতর্কই জোকাৰি আছে । বিশেষকৈ নিৰ্মাণ বিসংগতিৰ বাবে সততে বিতর্কৰ মাজত সোমাই পৰিছে মেডিকেল কলেজখন । শেহতীয়াকৈ সোমবাৰে নিশা মেডিকেল কলেজখনৰ প্ৰসূতি ৱাৰ্ডত পুনৰ চিলিং খহি পৰা এক দুৰ্ভাগ্যজনক ঘটনা ঘটে ।

লখিমপুৰ মেডিকেল কলেজত অঘটন

লখিমপুৰ, ৭ মাৰ্চ : পুনৰ অঘটন ঘটিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত (accident in Lakhimpur Medical College Hospital) । নিৰ্মাণৰ পিছৰে পৰা এটাৰ পিছত আন এটা অঘটন সংঘটিত হৈ আছে । উদ্বোধনৰ পাছতে কলেজখনৰ দেৱালত ফাঁট মেলা, কেঞ্চাৰ হস্পিটেলৰ চিলিং খহি পৰা আদি অসংখ্য নিৰ্মাণ বিসংগতিৰ ফলত বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে (Lakhimpur Medical College Hospital controversy) ।

বিপদে লগ নেৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ পুনৰ সংঘটিত হয় আন এক অঘটন । এইবাৰ প্ৰসূতি আৰু শিশু স্বাস্থ্য চিকিৎসালয়ৰ ভিতৰত খহি পৰে চিলিং (maternity and child care department) । সোমবাৰে নিশা সংঘটিত হয় এই অঘটন । তিনি মহলীয়া ভৱনটোৰ একেবাৰে তলৰ মহলাত সংঘটিত এই ঘটনাত লগে লগেই হুৱাদুৱা লাগি পৰে । উল্লেখ্য যে ৱাৰ্ডটোৰ ৰোগীৰ এখন বিছনাৰ ওপৰতে খহি পৰে চিলিং (allegation of construction defect in Lakhimpur MCH) ।

অৱশ্যে চিলিঙৰ এক বৃহৎ অংশ খহি পৰে যদিও সৌভাগ্যক্ৰমে সেইখন বিছনাত কোনো প্ৰসূতি মাতৃ তথা শিশু নাছিল । সোমবাৰে দুপৰীয়াৰ ভাগতে বিছনাখনত ভৰ্তি হৈ থকা প্ৰসূতি মাতৃগৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছিল । সেয়ে সৌভাগ্যক্ৰমে ৰক্ষা পৰে এক ভয়াৱহ বিপদৰ পৰা । ইয়াৰ বিপৰীতে কাষৰ বিছনাসমূহত আছিল বহু সংখ্যক শিশু আৰু প্ৰসূতি মাতৃ । উল্লেখ্য, কেইটামান মাহৰ পূৰ্বে একে ধৰণৰ ঘটনা সংঘটিত হৈছিল একেটা চৌহদতে থকা কেঞ্চাৰ চিকিৎসালয়খনত (Lakhimpur MCH ceiling collapse) ।

কেঞ্চাৰ চিকিৎসালয়খনৰ বাৰাণ্ডাৰ চিলিং খহি পৰিছিল । সেই সময়তো কেঞ্চাৰ চিকিৎসালয়ৰ কৰ্মৰত কৰ্মীৰ লগতে ৰোগীৰ অভিভাৱক দৈব্যক্ৰমে ৰক্ষা পৰে । উত্তৰ অসমৰ একমাত্র চিকিৎসাৰ উৎস লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক লৈ এতিয়া ৰোগীৰ মাজত সৃষ্টি হৈছে ভয় আৰু শংকা । আকস্মিকভাৱে কেতিয়া কি ভয়ংকৰ পৰিস্থিতিৰ সূচনা হয় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে । এক কথাত ক'বলৈ গ'লে কলেজখনৰ চিলিংসমূহ এতিয়া একপ্ৰকাৰে মৃত্যুদূতলৈহে পৰিণত হৈছে ।

নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু উদ্বোধনৰ এবছৰ পূৰ্ণ হোৱাৰ আগৰে পৰা কলেজখনৰ চিলিং এনেদৰে খহি পৰিবলৈ লোৱা, দেৱালত ফাঁট মেলা ঘটনাই কলেজখনৰ নিৰ্মাণত বিসংগতি থকা নাইবা নিম্নমানৰ কাম কৰাটো প্ৰতীয়মান কৰি তুলিছে । চৰকাৰে এই ক্ষেত্ৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানক জবাবদিহি কৰিব পাৰিবনে বুলি এতিয়া সচেতন লোকে প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক :AAP Protest against price hike: মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.