AAP Protest against price hike: মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

By

Published : Mar 7, 2023, 8:03 AM IST

thumbnail

গুৱাহাটী, 7 মাৰ্চ : সোমবাৰে মহানগৰীৰ গণেশগুৰিত আম আদমি পাৰ্টীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যত দৈনন্দিন প্রয়োজনীয় সামগ্ৰীসমূহৰ উপৰিও ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা সমিতিয়ে এই প্রতিবাদ সাব্যস্ত কৰে । আপৰ কৰ্মী, সমর্থকসকলে হাতে হাতে বেনাৰ, প্লেকার্ড লৈ মহানগৰীৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AAP Protest against price hike )। 

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বসাধাৰণক লুণ্ঠন কৰা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্রতিবাদত অংশগ্ৰহণ কৰি আপৰ মুখপাত্র অনুৰূপা ডেকাৰাজা আৰু হেপী গগৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত এটা বছৰৰ ভিতৰত ষষ্ঠবাৰৰ বাবে ৰন্ধন গেছৰ মূল্য চিলিণ্ডাৰে প্ৰতি ঘৰুৱা সংযোগত ৫০ টকা আৰু ব্যৱসায়িক সংযোগত ৩৫০ টকাকৈ বৃদ্ধি কৰিছে (LPG Price hike) । 

লগতে পঢ়ক : Bhupen Borah press meet: শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ সৈতে চামিল হ’ব এটা আঞ্চলিক ৰাজনৈতিক দল: ভূপেন বৰা

বিজেপি আৰু আদানিৰ মিত্ৰতাৰ বাবে আদানিৰ ঋণৰ বোজা সর্বসাধাৰণ লোকৰ মূৰত জাপি সাধাৰণ জনতাক মূল্যবৃদ্ধিৰে মাধমাৰ শোধোৱাৰ অভিযোগ উত্থাপন কৰে আপৰ দুই নেত্ৰীয়ে । চৰকাৰৰ এই গণবিৰোধী সিদ্ধান্ত শীঘ্ৰে প্রত্যাহাৰ কৰিবলৈ দলটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.