ETV Bharat / state

মুখ্যমন্ত্রীলৈ কাতৰ আহ্বান লখিমপুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ

author img

By

Published : Aug 31, 2022, 3:35 PM IST

Lakhimpur
Lakhimpur

লখিমপুৰৰ এটি বিশেষভাৱে সক্ষম সন্তানক লৈ পিতৃ-মাতৃৰ এতিয়া চৰম দুখ (Parents saddened for specially abled child) । সন্তানটিৰ ভৰণ-পোষণৰ পৰা যাৱতীয় ব্যয় বহন কৰাত অসমৰ্থ দিন হাজিৰা কৰা পিতৃ ৷

লখিমপুৰ, ৩১ আগষ্ট : লখিমপুৰৰ এটি দৰিদ্ৰ পৰিয়ালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে কাতৰ আহ্বান (appeal to CM Himanta Biswa Sarma) । বিশেষভাৱে সক্ষম তেওঁলোকৰ সন্তানৰ বাবে জনাইছে এই আহ্বান ।

উল্লেখ্য, লখিমপুৰৰ এটি বিশেষভাৱে সক্ষম সন্তানক লৈ পিতৃ-মাতৃৰ এতিয়া চৰম দুখ (Parents saddened for specially abled child) । সন্তানটিৰ ভৰণ-পোষণৰ পৰা যাৱতীয় ব্যয় বহন কৰাত অসমৰ্থ দিন হাজিৰা কৰা পিতৃ । এই দুৰ্ভগীয়া পৰিয়ালটো হৈছে লখিমপুৰৰ আজাদ ৰাজখোৱা গাঁৱৰ হলিৰাম বৰাৰ পৰিয়াল ।

জন্মৰে পৰাই শাৰীৰিক বিসংগতি থকা তেওঁলোকৰ সন্তান ভদ্ৰক লৈ এতিয়া ভীষণ সমস্যাত পৰিছে পৰিয়ালটো (Lakhimpur family appeal to Himanta Biswa) । ষোল্ল বছৰীয়া সন্তানটিৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানত সমস্যাত পৰিছে পৰিয়ালটো ।

পৰিয়ালটোৰ অৱস্থা ইমানেই নিশকতীয়া যে ভদ্রক বহিবৰ বাবে এখন চকী, শুবৰ বাবে এখন বিছনা যোগান ধৰাৰো সামৰ্থ্য নাই পৰিয়ালটোৰ । যাৰ বাবে সন্তানটিক শুবলৈ পিতৃয়ে নিজ হাতে সাজি দিবলগীয়া হৈছে এখন বাঁহৰ বিছনা (poor family appeal to CM) ।

সেয়ে উপায়হীন হৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে তেওঁলোৰ দুখ-দুৰ্দশাৰ কথা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে (seek aids from CM Himanta Biswa) । লগতে মুখ্যমন্ত্রীৰ পৰা কিছু সাহায্য প্ৰদান কৰি সকাহ দিবলৈ পৰিয়ালটোৱে মুখ্যমন্ত্রীলৈ কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :etv comment image ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজপথত চাহ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.