ETV Bharat / state

লখিমপুৰত ফেচবুক পোষ্টত কংগ্ৰেছক সমৰ্থন আছুৰ!!

author img

By

Published : Mar 27, 2019, 12:49 PM IST

Updated : Mar 27, 2019, 2:20 PM IST

আছু

“বিহপুৰীয়া সমষ্টিৰ বাৰ্তা” নামৰ এটা ফেচবুক পেজক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, 27 মাৰ্চঃ কংগ্ৰেছক সমৰ্থন সদৌ অসম ছাত্ৰ সন্থাৰ !CAB ৰ বিৰোধিতা কৰিয়েই আছুৱেকংগ্ৰেছক পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৷ “বিহপুৰীয়া সমষ্টিৰ বাৰ্তা” নামৰ এটা ফেচবুক পেজত আছুক লৈ এনেদৰে পোষ্ট কৰাৰ পিচত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আছু কৰ্মীসকলৰ মাজত ৷

লখিমপুৰত ফেচবুক পোষ্টত কংগ্ৰেছক সমৰ্থন আছুৰ
ইতিমধ্যে বিহপুৰীয়া আৰক্ষী থানাত এই সম্পৰ্কত এজাহাৰ দাখিল কৰিছে আছুৰ বিহপুৰীয়া আঞ্চলিক সমিতিয়ে ৷ আছুৰ লখিমপুৰ জিলা সমিতিয়ে বিহপুৰীয়া সমষ্টিৰ বাৰ্তা নামৰ ফেচবুক পেজটিৰ এডমিনক বিচাৰি উলিয়াই উপযুক্ত শাস্তি বিহিবৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাই আছুৱে ৷ আনহাতে, অৰাজনৈতিক সংগঠন আছুক বদনাম কৰিব পৰা যিকোনো কাৰ্যৰ পৰা সংশ্লিষ্ট পক্ষক আতৰি থাকিবৰ বাবেসকীয়নি দিয়ে আছুৰ কৰ্মীসকলে ৷
ইফালে আছুৰ প্ৰতিক্ৰিয়াৰ পাচতেই পেজটোৰ পৰা উক্ত পোষ্টটো আতৰাই পেলাইছে বুলি জানিবলৈ দিয়ে আছু কৰ্মীয়ে ৷

CAB ৰ বিৰোধীতা কৰিয়েই আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুয়ে ৷
“বিহপুৰীয়া সমষ্টিৰ বাৰ্তা” নামৰ এটা ফেচবুক পেজত আছুক লৈ( "CAB ৰ বিৰুধিতাৰে কংগ্ৰেছক পূৰ্ণ সমৰ্থন আছুৰ")
এনেদৰে পোষ্ট দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ সংগঠনটোৰ মাজত ৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষী থানাত এইসম্পৰ্কত এজাহাৰ দাখিল কৰিছে আছু ৰ বিহপুৰীয়া আঞ্চলিক সমিতিয়ে ৷ আছুৰ লখিমপুৰ জিলা সমিতিয়ে
বিহপুৰীয়া সমষ্টিৰ বাৰ্তা নামৰ ফেচবুক পেজটিৰ এডমিনক বিচাৰি উলিয়াই উপযুক্ত শাস্তি বিহিবৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷ অৰাজনৈতিক সংগঠন আছু ক বদনাম কৰিব পৰা যিকোনো কাৰ্যৰ পৰা সংশ্লিষ্ট পক্ষক আতৰি থাকিবৰ বাবে সন্থাই সকীয়নি দিছে ৷
ইফালে আছুৰ প্ৰতিক্ৰিয়াৰ পিছতেই  পেজটোৰ পৰা উক্ত পোষ্টটো আতৰাই পেলাইছে ৷

Sent from my Samsung Galaxy smartphone.
Last Updated :Mar 27, 2019, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.