ETV Bharat / state

Cops Arrested in Assam : কলিয়াবৰত গৃহৰক্ষী জোৱান, লখিমপুৰত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

author img

By

Published : Oct 11, 2022, 9:58 PM IST

Home guard arrested at Kaliabor
কলিয়াবৰত গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ

গৰুৰ চোৰাং সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ জালত খোদ গৃহৰক্ষী জোৱান । উৎকোচ লোৱা ৬৫ হাজাৰ টকাসহ ধৃত কলিয়াবৰ আৰক্ষী থানাৰ (Kaliabor police station) গৃহৰক্ষী জোৱান মকবুল হুছেইন (Home guard arrested at Kaliabor) ৷ লখিমপুৰতো মুখ্যমন্ত্ৰী তদাৰকী শাখাই মঙলবাৰে গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ এজন আৰক্ষী বিষয়াক ৷

চামগুৰি/লখিমপুৰ, 11 অক্টোবৰ: উৎকোচ লৈ এইবাৰ আৰক্ষীৰ জালত পৰিল খোদ গৃহৰক্ষী জোৱান ৷ গৰুৰ চোৰাং সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হ’ল গৃহৰক্ষী জোৱান । কলিয়াবৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান মকবুল হুছেইনক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হ’ল উৎকোচ লোৱাৰ অপৰাধত ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কলিয়াবৰত নৈশবাছেৰে গৰুৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগত আটক হৈছিল আখতাৰা বেগম নামৰ এগৰাকী মহিলা (Cattle smuggling at Kaliabor)। মহিলাগৰাকীক আটক কৰাৰ লগতে গৰুসহ জব্দ কৰা হৈছিল নৈশ বাছখন ৷ আটকাধীন মহিলাগৰাকীক মুকলি কৰি দিয়াৰ দ্বায়িত্ব ল’লে গৃহৰক্ষী জোৱান মকবুল হুছেইনে ৷

কলিয়াবৰত গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ

মহিলাগৰাকীক মুকলি কৰি দিয়াৰ বাবে চামগুৰিৰ চামছুল নামৰ এজন লোকে ধৃত গৃহৰক্ষী জোৱানজনক দিছিল ৬৫ হাজাৰ টকাৰ উৎকোচ (Home guard takes bribe at Kaliabor)৷

গৃহৰক্ষী জোৱানৰ উৎকোচ কাণ্ড লোৱা কাণ্ডৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত ইতিমধ্যে ৰুজু হৈছে গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত নগাঁৱৰ এগৰাকী সহকাৰী আৰক্ষী অধীক্ষকৰ দ্বাৰা গোচৰৰ তদন্ত কৰা হ'ব জানিব পৰা গৈছে । আনহাতে চামগুৰি আৰক্ষীৰ জিম্মাত থকা আটকাধীন মকবুলক আৰক্ষীয়ে জেৰা কৰি থকাৰ বিপৰীতে পতালক হৈ আছে উৎকোচ দিয়া দালাল চামছুল ৷

আনহাতে, মুখ্যমন্ত্ৰী তদাৰকী শাখাই মঙলবাৰে গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ এজন আৰক্ষী বিষয়াক ৷ উৎকোচ লোৱা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ASI (UB) ডম্বৰুধৰ দত্তক (Silonibari Outpost ASI arrested)৷ ডম্বৰু দত্ত কিছুদিনৰ বাবে চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল ৷ বিষয়াজনক কৰায়ত্ব কৰাৰ পাছত পানীগাঁওস্থিত আৰক্ষী বিষয়াজনৰ বাসগৃহতো তালাচী চলায় মুখ্যমন্ত্ৰী তদাৰকী শাখাই (Directorate of Vigilance and Anti Corruption) ।

লগতে পঢ়ক: Fake officer detained at Rangia : ৰঙিয়াত ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.