ETV Bharat / state

Jagdish Mukhi at MU: মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

author img

By

Published : Dec 29, 2022, 9:55 PM IST

Governor Jagdish Mukhi at Madhabdev University In Narayanpur Lakhimpur
মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

বৃহস্পতিবাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী (Jagdish Mukhi at Madhabdev University ) ৷ বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হয় ৰাজ্যপালগৰাকীক । বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰে ৰাজ্যপালগৰাকীয়ে ।

মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

বিহপুৰীয়া, 29 ডিচেম্বৰ : বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে মাধৱদেৱ বিশ্ববিদ্যালয়ত আজি উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী (Jagdish Mukhi at Madhabdev University) । লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়খনত ৰাজ্যৰ ৰাজ্যপাল গৰাকী উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজৰ লগতে ছাত্ৰ গোট (Governor Jagdish Mukhi) ৷

আচাৰ্য জগদীশ মুখী বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে গায়ন বায়ন, বিশ্ববিদ্যালয় এনচিচি গোট আৰু ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা অভিবাদন জনোৱা হয় । গুৰুজনাৰ নামেৰে নামাংকৃত বিশ্ববিদ্যালয়খনত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে প্ৰথমেই শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতেই উপাচাৰ্য, পঞ্জীয়ক, শিক্ষকগোট আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত পৃথকে পৃথকে মত বিনিময় কৰে ।

ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়ন, শৈক্ষিক দিশৰ উন্নয়ন আদি দিশত বিস্তৃতভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰে । ইফালে এই বৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনে বিজ্ঞান আৰু কলা দুয়োটা বিভাগতে সৰ্বমুঠ সাতটাকৈ বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা আৰু সমগ্ৰ ৰাজ্যৰ ভিতৰতে সৰ্বপ্ৰথমে বিশ্ববিদ্যালয়খনত নতুন শিক্ষানীতি আৰম্ভ কৰা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই প্ৰচেষ্টাক শলাগ লয় বুলি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ দিবাকৰ চন্দ্ৰ ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত যি শিক্ষকৰ নাটনি হৈ আছে সেই প্ৰসঙ্গত বিশ্ববিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ লগতে বাকী থকা সাতটা বিভাগতো স্নাতকোত্তৰ পাঠ্যক্ৰম শীঘ্ৰেই আৰম্ভ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি ৰাজ্যপালগৰাকীয়ে উপাচাৰ্য গৰাকীক জনোৱা বুলি সংবাদ মাধ্যমক সদৰী কৰে । ইফালে জগদীশ মুখীয়ে বিশ্ববিদ্যালয়খনৰ শিক্ষক গোটক অসমীয়া মাধ্যমৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আহ্বান জনোৱা বুলিও জানিবলৈ দিয়ে । ৰাজ্যপালগৰাকীৰ আজিৰ আগমনৰ বাবে বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ ৰাজ্যপাল গৰাকীক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয় (Madhabdev University) । ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হয় আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে । ইয়াক অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাধৱদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে । ২০১৯ চনৰ ১৭ জুনত অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰে (VC Dibakar Chandra Deka) ।

লগতে পঢ়ক: Bapuji College Golden Jubilee : সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.