ETV Bharat / state

Flood in Assam : নীপকোৰ পানীয়ে বুৰালে লখিমপুৰ জিলা

author img

By

Published : Jun 17, 2023, 3:49 PM IST

ধাৰাষাৰ বৰষুণ আৰু নীপকোৱে এৰি দিয়া প্ৰকল্পৰ পানীয়ে লখিমপুৰত অপৰিৱৰ্তিত কৰি তুলিছে বান পৰিস্থিতি । শুকুৰবাৰৰ পৰা নীপকোৱে একেৰাহে প্ৰকল্পৰ পানী এৰিয়েই থকাৰ ফলত অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি । কেিবাটাও বান্ধ ছিগাৰ লগতে বিস্তৰ ক্ষয়-ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে ৷

Flood in Lakhimpur
নীপকোৰ পানীয়ে বুৰালে লখিমপুৰ জিলা

লখিমপুৰ, 17 জুন : ৰঙানদী প্ৰকল্পৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান - নীপকোৱে চৌবিশ ঘন্টা ধৰি একেৰাহে ৰঙানদীত এৰি আছে ৰঙানদী প্ৰকল্পৰ পানী । শুকুৰবাৰৰ পুৱাৰে পৰা ৰঙানদী প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ অত্যাধিক হোৱাৰ বাবে প্ৰকল্পৰ গেট খুলি দিয়া হ’ব পাৰে বুলি নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছিল । তাৰ পাছতে দুপৰীয়া 12.20 বজাত নীপকোৱে প্ৰকল্পৰ 1 নং গেটখন এশ মিলিমিটাৰ খুলি দিয়ে । পৰৱৰ্তী সময়ত বিয়লি ভাগলৈ নীপকোৱে 13 মিলিমিটাৰ পৰ্যন্ত গেট খুলি প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি মোকলাই দিয়ে ।

নীপকোৰ এই কাৰ্যত জাঙুৰ খাই উঠিছে স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠন । বিভিন্ন দল-সংগঠনে নীপকোক নদীত কমকৈ পানী মোকলাই দিবলৈ জনোৱা দাবীৰ পৰিপ্ৰেক্ষিতত নীপকোৱে নিশাৰ ভাগলৈ এৰি দিয়া পানীৰ পৰিমাণ কমাই আনে । কিন্তু সম্পূর্ণ বন্ধ কৰা নাই বুলি জানিবলৈ দিয়ে । শনিবাৰৰ বিয়লি পৰ্যন্ত চৌবিশ ঘন্টা উকলি যোৱাৰ পাছতো নীপকোৱে একেৰাহে এৰিয়েই আছে প্ৰকল্পৰ পানী । নীপকোৱে প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে লখিমপুৰৰ কিছু অংশ প্লাবিত কৰি পেলাইছে । বিশেষকৈ নগৰৰ সমীপৰ পাঁচ নৈ এলেকাৰ একাংশ ঘৰ-বাৰী প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে ।

আনহাতে জিলাখনৰ বান পৰিস্থিতি আজিও পৰিৱৰ্তন হোৱা নাই । জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে নাওবৈচাত 11 খন, কদমত 2 খন, নাৰায়ণপুৰত 8 খন, লখিমপুৰত এখন গাওঁ বানৰ কবলত পৰিছে । যাৰ ফলত ক্ষতিগ্রস্ত হৈছে 23 হেজাৰ 516 জন লোক । 31.87 হেক্টৰ শস্যক্ষেত্র বিনষ্ট হৈছে বুলিও তথ্যত প্ৰকাশ । ছয় হেজাৰোধিক পোহনীয়া জীৱ-জন্তু বানত ক্ষতি হৈছে ।

আনহাতে জিলাখনৰ শিঙৰা নদীয়ে মথাউৰি ছিঙি জলপ্ৰলয় সৃষ্টি কৰাৰ সমান্তৰালভাৱে জিলাখনৰ আন নদীসমূহেও ক্ষয় ক্ষতি সাধন কৰিছে ৷ উল্লেখ্য যে, দিহিৰী নদীয়ে পুলিনাহৰণি এলেকাত থকা দুঠাইৰ বান্ধৰ ক্ষতি কৰিছে ৷ বিহপুৰীয়াত গাভৰু নদীয়ে টুনীজান সংযোগী পথটোৰ ক্ষতি কৰাৰ বিপৰীতে, নাৰায়ণপুৰত পিছলা নৈয়ে ধলপুৰ খলিহামাৰী পথৰ ক্ষতি কৰিছে ৷ সোৱণশিৰিৰ পানীয়ে বেংকেলেঙৰ পৰা কোঁৱৰগাওঁ সংযোগী পথটোৰ ক্ষতি কৰিছে ৷

কদমত গোমনদীয়ে এটা সুৰক্ষা বান্ধৰ ক্ষতি কৰাৰ উপৰিও বহু ঠাইত পথ, কালভার্ট আদিৰ ক্ষতি হোৱাৰ উপৰি ভালেকেইটা ফিচাৰীৰ চিন মোকাম নোহোৱা কৰি পেলাইছে ।

লগতে পঢ়ক : prohibition on boat launches : নাওঁ লঞ্চৰ চলাচলত নিষেধাজ্ঞা, যাত্ৰীৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.