ETV Bharat / state

Pabho Reserve Forest eviction: পাভ সংৰক্ষিত বনাঞ্চলত বুলডজাৰৰ গৰ্জন

author img

By

Published : Jan 10, 2023, 12:20 PM IST

Updated : Jan 10, 2023, 1:55 PM IST

কেইবাদিনীয়া প্ৰস্তুতিৰ অন্তত মঙলবাৰে পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান (Eviction drive at Pabho Reserve Forest)। দুদিন ধৰি চলিব এই উচ্ছেদ অভিযান । ৬ শতাধিক নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে অঞ্চলটোত । প্ৰথম দিনটো শান্তিপূৰ্ণভাৱে চলিছে উচ্ছেদ ।

Pabho Reserve Forest eviction
পাভ সংৰক্ষিত বনাঞ্চলত বুলডজাৰৰ গৰ্জন

পাভ সংৰক্ষিত বনাঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান

লখিমপুৰ,১০ জানুৱাৰী : বটদ্ৰৱাৰ পাছত এইবাৰ ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক বেদখল মুক্ত কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন (Pabho Reserve Forest encroachment)। লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ নেতৃত্বত পাভ বনাঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান । লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত এই বনাঞ্চলত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে উচ্ছেদ অভিযান (Two days eviction at Pabho Reserve Forest)।

৪৫৯৮ হেক্টৰৰ বনাঞ্চলত বেদখল কৰি থকা ৫০১ হেক্টৰ ভূমিত চলিছে এই উচ্ছেদ অভিযান । বেদখলকাৰীৰ ঘৰ-বাৰী, খেতিপথাৰসমূহ এফালৰ পৰা ভাঙি গৈছে প্ৰশাসনে । যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে লোকসকল । ইফালে বেদখলকাৰীসকলে অভিযোগ উত্থাপন কৰা অনুসৰি কেৱল মুছলমান লোকসকলকহে চৰকাৰ তথা প্ৰশাসনে উচ্ছেদৰ লক্ষ্য কৰি লৈছে ।

তেওঁলোকৰ মতে বহু হিন্দুলোকেও বেদখল কৰি আছে । কিন্তু তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে । উচ্ছেদ হোৱা পৰিয়ালসমূহে চৰকাৰক তেওঁলোকক সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত পুৱাৰে পৰা উচ্ছেদ আৰম্ভ হৈছে (Pabho Reserve Forest eviction starts)। লখিমপুৰ সংমণ্ডলৰ সহকাৰী বন-সংৰক্ষকগৰাকীযে জনোৱা মতে পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৫০ হেক্টৰ ভূমি বর্তমানলৈকে কিছু লোকৰ দ্বাৰা বেদখলৰ কৱলত পৰিছে । ১৯৪১ চনৰ ৬ মাৰ্চত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল ৪৬২৮.৮৭ হেক্টৰ ।

ৰাণী ভিক্টোৰিয়াই বনাঞ্চলখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বুলি জনা যায় । এসময়ত বনৰীয়া ম'হৰ বাবে বিখ্যাত এই বনাঞ্চলখন পৰৱৰ্তী সময়ত বেদখলৰ কৱলত পৰে । বেদখল কৰি থকা লোকসকলে বন অধিকাৰ আইন, ২০০৬ ৰ অধীনত মাটিৰ পট্টাৰ বাবে আবেদন জনাইছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে ।

ইয়াৰ পিছৰ পৰ্যায়ত চৰকাৰে এই বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই উচ্ছেদ অভিযান দুটা পৰ্যায়ত চলোৱাৰ প্ৰস্তুতি কৰা হৈছে । প্ৰথম পৰ্যায়ত আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২৯৯ টা ঘৰ উচ্ছেদ কৰা হ'ব । আনহাতে দ্বিতীয় পৰ্যায়ত ম'হঘুলি অঞ্চলৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২০২ টা ঘৰ উচ্ছেদ কৰা হ'ব ।

পুৱাই বনাঞ্চলখনৰ আধাখনা এলেকাত উচ্ছেদ আৰম্ভ হৈছে । ৬ শতাধিক নিৰাপত্তাৰক্ষী, ৬০ খন এস্কেভেটৰৰ দ্বাৰা উচ্ছেদ চলোৱা হৈছে ।

উল্লেখ্য যে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ উমান পাই ইতিমধ্যেই বহু পৰিয়ালে ঘৰ-বাৰী ভাঙি আঁতৰি গৈছে । অৱশিষ্ট ঘৰ-বাৰীত প্ৰশাসনৰ বুলডজাৰ চলাইছে । নষ্ট কৰি পেলোৱা হৈছে বেদখলকাৰীয়ে কৰা বিভিন্ন শস্য । মীনপালন কৰা পুখুৰী আদিও পুতি পেলোৱা হৈছে । বনাঞ্চলখনৰ ভিতৰত এতিয়া কেৱল শুনিবলৈ পোৱা গৈছে বুলডজাৰৰ শব্দ (Bulldozer at Pabho reserve forest Assam)। জিলাৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়া, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, দণ্ডাধীশ আদিয়ে উচ্ছেদ অভিযানৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰিছে ।

লগতে পঢ়ক :Eviction drive in Lakhimpur: মঙলবাৰে পাভ সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান

Last Updated : Jan 10, 2023, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.