ETV Bharat / state

Drugs Seized in Lakhimpur: লখিমপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Apr 27, 2023, 2:14 PM IST

বৃহস্পতিবাৰে লখিমপুৰ আৰক্ষীৰ জালত পৰে ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ লখিমপুৰ নগৰ এলেকাত বৃহস্পতিবাৰে পুৱা আৰক্ষীৰ জালত পৰে এই ড্ৰাগছ সৰবৰাহকাৰীটো (Drugs Paddler Arrested in Lakhimpur) ৷

Drugs Seized in Lakhimpur
ড্ৰাগছসহ আটক সৰবৰাহকাৰী

লখিমপুৰ আৰক্ষীৰ জালত পৰে ড্ৰাগছ সহ এটা ড্ৰাগছ সৰবৰাহকাৰী

লখিমপুৰ, 27 এপ্ৰিল: ৰাজ্যত বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানত সময়ে সময়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷ কিন্ত আৰক্ষীৰ শেনচকুকো কেৰেপ নকৰি এচামে সংগোপনে চলাই গৈছে এই মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা (Suspected Heroine Seized In Lakhimpur) ৷

ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে লখিমপুৰতো চলি আছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ বৃহস্পতিবাৰে লখিমপুৰ আৰক্ষীৰ জালত পৰে ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ লখিমপুৰ নগৰ এলেকাত বৃহস্পতিবাৰে পুৱা আৰক্ষীৰ জালত পৰে এই ড্ৰাগছ সৰবৰাহকাৰীটো (Drugs Paddler Detained in Lakhimpur) ৷

নগৰ এলেকাৰ চিডি ৰোডৰ আহুচাউল গাঁৱৰ শ্মশানৰ সমীপতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে জব্দ কৰে সন্দেহযুক্ত হেৰ’ইন ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো লখিমপুৰৰ পানীগাঁও এলেকাৰ বাবাই পেগু (33) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে তিনিটা চাবোনৰ বাকচত প্ৰায় চল্লিশ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে ৷ সৰবৰাহকাৰীটোৱে এই ড্ৰাগছখিনি বিক্ৰীৰ উদ্দেশ্যেৰে লখিমপুৰ নগৰলৈ অনা বুলি আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰিছিল ৷ পৰৱৰ্তী সময়ত খবৰৰ ভিত্তিত অভিযান চলাই হাতে লোটে আটক কৰে সৰবৰাহকাৰীটোক (Drugs Paddler Detained with Drugs in Lakhimpur) ৷

আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ সৰবৰাহৰ বাবে ব্যবহাৰ কৰা এএছ ০৭ আৰ ২২৯৩ নম্বৰৰ গ্লেমাৰ বাইক এখনো জব্দ কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে লখিমপুৰত প্ৰায় প্ৰতি মাহেই আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আহিছে ৷ এনে বৰবিহৰ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে যুঁজ দি আহিছে যদিও ওৰ পৰা নাই এই নিষিদ্ধ বেহাৰ (Drugs Seized in Lakhimpur) ৷

লগতে পঢ়ক: Kidnapping at Namsai: নামচাইত তেল ডিপোৰ গাণনিকক অপহৰণ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.