ETV Bharat / state

বিহপুৰীয়াত দেউৰী বিহু উদযাপন : বোকা খেলি মতলীয়া ডেকা-গাভৰু

author img

By

Published : Apr 21, 2022, 2:18 PM IST

ব'হাগ মানেই যেন উৎসৱৰ বতৰ । ৰাজ্যৰ চৌপাশে এতিয়া বিয়পি পৰিছে ৰঙালীৰ বতৰা । সাতবিহুৰ পাছতেই ভূমিপুত্ৰ দেউৰীসকলে উদযাপন কৰিছে ইবাকু বিচ্চু(Deori Bihu celebrations in Assam) । ব'হাগৰ প্ৰথমটো বুধবাৰে আনন্দত মতলীয়া হ'ল ৰাজ্যৰ দেউৰী জনগোষ্ঠীৰ লোকসকল । বিহপুৰীয়াতো দেখা গ’ল ব্যাপক উচাহ ।

deori-bihu-celebrations-at-bihpuriya
বিহপুৰীয়াত দেউৰী বিহু উদযাপন: বোকা খেলি মতলীয়া ডেকা-গাভৰু

বিহপুৰীয়া, ২১ এপ্ৰিল : চৌদিশে ৰঙালীৰ ৰং । উৎসৱৰ বতৰা লৈ অহা ব'হাগক আদৰাত ব্যস্ত ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠী । সমান্তৰালকৈ পৰম্পৰা ৰক্ষা কৰি ব'হাগৰ প্ৰথমটো বুধবাৰে অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলে পালন কৰে ইবাকু বিচ্চু(Deori Bihu celebrations in Assam) । নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে দেউৰীসকল ।

ব'হাগৰ প্ৰথমটো বুধবাৰে পৰম্পৰা ৰক্ষা কৰি দেওশালত পূজা-অৰ্চনা কৰি বিহুটিক আদৰণি জনোৱা হয় ৷ বৃহস্পতিবাৰে পুৱা বোকা বিহু পাতি আনন্দত মতলীয়া হয় দেউৰী ডেকা-গাভৰু প্ৰত্যেকে । বৃহস্পতিবাৰে পুৱা বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱত আৰু নাৰায়ণপুৰ বৰদেউৰী গাঁৱত দেউৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰে বোকা বিহু ৷

বিহপুৰীয়াত দেউৰী বিহু উদযাপন

পুৱাই দেউৰী জনগোষ্ঠীৰ সকলো ডেকা-গাভৰু একেলগ হৈ বোকা বিহু পালন কৰি আনন্দ-উল্লাসত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ৷ বোকা বিহু মাৰি গাঁৱৰ প্ৰতিঘৰৰ পদূলিত ডেকা, গাভৰু-বোৱাৰী সকলোৱে হুঁচৰি মাৰি গৃহস্থৰ মংগল কামনা কৰে ৷ ইফালে বিয়লি গাঁৱৰ ডেকা-বুঢ়া সকলোৰে মিলি নামঘৰত বিহু আয়োজন কৰিব ৷

লগতে পঢ়ক: Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.