ETV Bharat / state

বৃহস্পতিবাৰে গুৰু বেয়া আছিল সোমেশ্বৰৰ

author img

By

Published : Aug 12, 2021, 10:21 PM IST

দহ বছৰ পূৰ্ৱে এটা পৰিয়ালৰ পৰা চাকৰি দিম বুলি লৈছিল আঢ়ৈ লাখ টকা সোমেশ্বৰে ৷ দহ বছৰ পাৰ হ’ল চাকৰি যে নাই টকা কেইটা ঘূৰাই দিবলৈও মন কৰা নাছিল ৷ পৰিয়ালটোৰ ধৈৰ্যৰ বান্ধ ছিগিল বৃহস্পতিবাৰে ৷ কাৰ্যালয়লৈ আহোতে ভুক্তভোগী পৰিয়ালটোৱে কৰায়ত্ব কৰিলে সোমেশ্বৰ নাথক ৷ তাৰ পাছত কি হ’ল পঢ়ক সবিশেষ ...

corruptions-allegations-a-educations-department-officer
দিন বেয়া আছিল হ’বলা সোমেশ্বৰৰ

লখিমপুৰ, ১২ আগষ্ট : অৱশেষত জালত পৰিল লখিমপুৰ জিলাৰ শিক্ষা বিভাগৰ এজন জ্যেষ্ঠ সহায়ক । চাকৰি দিয়াৰ নামত দহ বছৰৰ পূৰ্ৱে এটা পৰিয়ালৰ পৰা বিষয়া গৰাকীয়ে লৈছিল আঢ়ৈ লাখ টকা । লখিমপুৰৰ শিক্ষা বিভাগত মহা প্ৰতাপেৰে দীর্ঘদিন ধৰি দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ আছে সোমেশ্বৰ নাথ নামৰ জ্যেষ্ঠ সহায়কজনৰ বিৰুদ্ধে ৷ পিছে বৃহস্পতিবাৰে গুৰু বেয়া আছিল সোমেশ্বৰ নাথৰ ৷ ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী ৷

উল্লেখযোগ্য যে, লখিমপুৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথে দহ বছৰৰ পূৰ্ৱে ঢকুৱাখনা বেবেজিয়াৰ প্ৰয়াত শিক্ষক থানেশ্বৰ চুতীয়াৰ পৰিয়ালৰ পৰা তেওঁলোকৰ পুত্ৰক প্ৰয়াত পিতৃৰ পদত নিযুক্তি দিয়াৰ নামত আঢ়ৈ লাখ টকা লৈছিল । মনকৰিবলগীয়া যে, অনুকম্পা মূলক নিযুক্তি দিব বুলি তেওঁ পৰিয়ালটোৰ পৰা আদায় কৰিছিল আঢ়ৈ লাখ টকা ।

সেই সময়ত পৰিয়ালটোৱে গৰু গাই বিক্ৰী কৰি যেনে তেনে আঢ়ৈ লাখ টকা গোটাই সোমেশ্বৰ নাথক দিছিল । সেই যে দহ বছৰৰ পূৰ্ৱে টকা দিছিল, আজি পৰ্যন্ত চাকৰি নহ’ল প্ৰয়াত থানেশ্বৰ চুতীয়াৰ পুত্ৰৰ ৷ চাকৰিটোতো নহ’লেই, আজি পৰ্যন্ত টকা কেইটাও ঘূৰাই নিদিলে সোমেশ্বৰ নাথে ৷ বিগত দহ বছৰে পৰিয়ালটোৱে সোমেশ্বৰ নাথৰ ঘৰলৈ তাঁত-বাতি কাঢ়ি আছে যদিও আজি পৰ্যন্ত চাকৰিও নাই টকাও ঘূৰাই দিয়া নাই ৷

লগতে পঢ়কঃ অভিযন্তা নে চোৰ ?

অতিষ্ঠ হৈ পৰিছিল পৰিয়ালটো ৷ সেয়হে বৃহস্পতিবাৰে পৰিয়ালটোৱে নাথ কাৰ্যালয়লৈ অহালৈ বাট চাই আছিল ৷ সময়ত সোমেশ্বৰ নাথ কাৰ্যালয়লৈ আহিল ৷ কিন্তু কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ ধৰোতেই নাথক কৰায়ত্ব কৰে পৰিয়ালটোৱে ৷ নাথে পলাবলৈ চেষ্টা কৰিছিল যদিও হতাহতিৰ সৃষ্টি হয় পৰিয়ালটোৰ সদস্যৰ সৈতে ৷ এক প্ৰকাৰৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষা বিষয়াৰ কাৰ্যালয়টোত ৷

সেই সময়তে কাৰ্যালয়টোত উপস্থিত হয় আছুৰ এটা প্ৰতিনিধিৰ দল ৷ সংগঠনটোৰ প্ৰতিনিধি সকলেও দুৰ্নীতি পৰায়ণ বিষয়া গৰাকীৰ শাস্তিৰ দাবী তোলে ৷

পৰিস্থিতি বিষম দেখি সোমেশ্বৰ নাথে পৰিয়ালটোক লগে লগে ডেৰ লাখ টকা ওভটাই দিয়ে ৷ বাকী থকা এক লাখ টকা অতি শীঘ্ৰে ঘূৰাই দিব বুলি লিখিতভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰে পৰিয়ালটোক ৷

আনহাতে পৰিয়ালটোৰ লগতে ঘটনাস্থলীত উপস্থিত আছু কৰ্মী সকলৰ লগতে স্থানীয় ৰাইজে সোমেশ্বৰ নাথক শাস্তি দিয়াৰ বাবে প্ৰশাসনক দাবী জনায় ৷ অৱশেষত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে ধৃত সোমেশ্বৰ নাথক ৷ একে দৰে ঘটনাৰ সৰ্ন্দভত আছু কৰ্মী সকলেও পৃথকভাৱে এখন এজাহাৰ দাখিল কৰে ৷

উল্লেখযোগ্য যে, জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে জনোৱা মতে, কিছু দিনৰ পূৰ্ৱে সোমেশ্বৰ নাথৰ নলবাৰীলৈ বদলিৰ নিৰ্দেশ ওলাইছিল । পিছে তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ লৈ বুধবাৰে কাৰ্যালয়টোত পুনৰ যোগদানৰ বাবে আহিছিল যদিও তেওঁক বিষয়াগৰাকীয়ে উপস্থিতিৰ বহীত চহী কৰিবলৈ নিদিলে । কেইবা দশক ধৰি লখিমপুৰৰ শিক্ষা বিভাগত দপদপাই থাকি দুৰ্নীতিৰ পোহাৰ মেলা বিষয়া গৰাকীক আৰক্ষীয়ে আটক কৰাৰ পাছতে সমগ্ৰ লখিমপুৰ জিলাত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়কঃ চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.