ETV Bharat / state

DTO in Assam: বাণিজ্যিক পঞ্জীয়ন নোহোৱাকৈ বাণিজ্যিক ক্ষেত্রত ব্যৱহাৰ হৈ আহিছে বাহন

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:33 PM IST

Updated : Sep 23, 2023, 1:54 PM IST

DTO in Assam
বাণিজ্যিক পঞ্জীয়ন নোহোৱাকৈ বাণিজ্যিক ক্ষেত্রত ব্যৱহাৰ হৈ আহিছে বাহন

বাণিজ্যিকভাৱে পঞ্জীয়ন নোহোৱাকৈ ৰাজ্যত চলি আছে বুজন পৰিমাণৰ বাণিজ্যিক বাহন । লখিমপুৰৰ এগৰাকী সচেতন যুৱকে আগবঢ়াইছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ ৷

বাণিজ্যিক পঞ্জীয়ন নোহোৱাকৈ বাণিজ্যিক ক্ষেত্রত ব্যৱহাৰ হৈ আহিছে বাহন

লখিমপুৰ, 23 ছেপ্টেম্বৰ: বাণিজ্যিক পঞ্জীয়ন নোহোৱা বাহনেৰে ভৰি আছে বিভিন্ন চৰকাৰী কাৰ্যালয় । ৰাজ্যত বাণিজ্যিক পঞ্জীয়ন নোহোৱাকৈ বাণিজ্যিক ক্ষেত্রত চলি আছে বুজন পৰিমাণৰ বাণিজ্যিক বাহন । যাৰ বাবে চৰকাৰখনে হেৰুৱাবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ৰাজহ । লখিমপুৰৰ এগৰাকী সচেতন যুৱক নাৰায়ণ শইকীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এই বিষয়ে ৷

শইকীয়াই পুনৰ কয়, "যি সময়ত চৰকাৰে ৰাজকোষ টনকিয়াল কৰিবৰ বাবে বিভিন্ন ক্ষেত্রত কৰ কাটল আৰোপ কৰিছে সেই সময়ত পৰিবহণ বিভাগত এক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাৰ দিশটো চৰকাৰে লক্ষ্য নকৰা বিষয়টো গুৰুত্বপূৰ্ণ । এনে দৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুওৱাৰ দিশটো উন্মোচিত হৈছে পৰিবহণ বিভাগৰ বাণিজ্যিক বাহনৰ ক্ষেত্রত ।"

শইকীয়াই এই সন্দৰ্ভত পুনৰ কয়, "ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়সমূহত প্ৰয়োজন অনুসাৰে চৰকাৰে বাহন যোগান ধৰিব পৰা নাই । যাৰ বাবে নিৰ্দিষ্ট সময়ৰ বাবে কাৰ্যালয়সমূহে ব্যক্তিগত লোকৰ বাহন চুক্তি অনুসৰি ব্যৱহাৰ কৰি আহিছে । ৰাজ্যৰ প্ৰতি জিলাই জিলাই বিভিন্ন চৰকাৰী কাৰ্যালয়ত দীর্ঘদিন ধৰি এনে ব্যৱস্থা চলি আছে । জিলা আয়ুক্তৰ কাৰ্যালয়, আৰক্ষী বিভাগকে ধৰি প্ৰায়বোৰ বিভাগতে আছে এনেদৰে চুক্তি ভিত্তিত লোৱা ব্যক্তিগত বাহন । চুক্তি অনুসৰি বাহনৰ গৰাকীক বিভাগে ধন আদায় দি আহিছে । পিছে এই প্ৰক্ৰিয়াত চৰকাৰে এক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাইছে । কিয়নো ব্যৱসায়িক ভিত্তিত এখন বাহন ব্যৱহাৰ কৰিলে বাহনখন বাণিজ্যিকভাৱে পঞ্জীয়ন হ’ব লাগিব । পৰিবহণ বিভাগৰ নীতি অনুযায়ী বাণিজ্যিক পঞ্জীয়ন হোৱা বাহনহে বাণিজ্যিক ক্ষেত্রত ব্যৱহাৰ কৰিব পাৰিব । বাণিজ্যিক পঞ্জীয়ন হোৱা বাহনৰ নম্বৰ প্লেট হালধীয়া ৰঙৰ হয় । কিন্তু বাহনৰ গৰাকীয়ে বাণিজ্যিক পঞ্জীয়ন নোহোৱাকৈয়ে বাণিজ্যিক চুক্তি কৰি বাহনসমূহ বিভিন্ন ক্ষেত্রত ব্যৱহাৰ কৰি আছে ।"

ব্যক্তিগত পঞ্জীয়নতকৈ বাণিজ্যিক পঞ্জীয়নৰ মাচুল যথেষ্ট বেছি বুলি উল্লেখ কৰি বাণিজ্যিক পঞ্জীয়ন হোৱা বাহনে পথ কৰ, পৰ্যটন কৰ আদি দিবলগীয়া হোৱাৰ বাবে তেনে কৰ নিদিয়াকৈ কেৱল ব্যক্তিগত পঞ্জীয়ন কৰিয়েই বাণিজ্যিক ক্ষেত্রত বাহন ব্যবহাৰ কৰা হৈছে । যাৰ বাবে চৰকাৰে এক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাইছে । উল্লেখ্য যে, কেৱল চৰকাৰী কাৰ্যালয়তেই নহয়, বিভিন্ন কোম্পানীতো এনেদৰে বাণিজ্যিকভাৱে চলি আছে ব্যক্তিগত পঞ্জীয়ন হোৱা বাহন । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে নীৰৱ ভূমিকা । পৰিবহণ বিভাগেও বিষয়টো লৈ বিশেষ গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলিছে শইকীয়াই ।

লগতে পঢ়ক: Anandaram Dekial Fukan Award : ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

Last Updated :Sep 23, 2023, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.