ETV Bharat / state

4 হাজাৰ কোটি টকা লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ: মুখ্যমন্ত্ৰী

author img

By

Published : Jun 22, 2021, 6:09 PM IST

Updated : Jun 22, 2021, 6:47 PM IST

মঙলবাৰে নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ নাৰায়ণপুৰত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য এবছৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস প্ৰদান কৰি মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই ক্ষেত্ৰটো কেইবাটাও মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীয়ে ৷

Microfinance Company loses 4,000 crore
4 হাজাৰ কোটি লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ

বিহপুৰীয়া, 22 জুন :"আগন্তুক 9 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব নাৰায়ণপুৰত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য ৷ ইতিমধ্যে এই প্ৰকল্পটোক State Priority Project হিচাপে ঘোষণা কৰা হৈছে ৷" নাৰায়ণপুৰত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰি এই মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

"প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ ৷ এই নিৰ্মাণ কাৰ্য অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব ৷ ৰাইজেও বহু কেইটা নতুন পৰিকল্পনা কথা সদৰি কৰিছে সেই কেইটাও কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰা হ'ব ৷ ' নিৰ্মিয়মান মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰি এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ৷

4 হাজাৰ কোটি টকা লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ

উল্লখ্য যে, এই মাধৱদেৱ কলাক্ষেত্ৰখন পৰিচালনা কৰাৰ দায়িত্ব শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিক অৰ্পণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীক আজি সংগ দিয়ে তেজুপৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস, বিহপৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা, উত্তৰ লখিমপুৰ বিধান সভাৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই ৷

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ আগমণক লৈ আয়োজন কৰা সভাত ক'ভিড প্ৰট'কল জাৰি হৈ থকা পাচতো শতাধিক লোক সমৱেত হৈছিল ৷ এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই বিষয়টো লখিমপুৰ জিলাৰ উপায়ুক্তক আৱগত কৰা হৈছে ৷ ক'ভিড প্ৰট'কল আমাৰ দ্বাৰা ভংগ কৰিব নালাগে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

একেদৰে শতাধিক লোক সমৱেত হোৱাটো এই সময়ত অতি বিপদজনক বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, কলাক্ষেত্ৰখনৰ প্ৰতি ৰাইজৰ এটা ভালভাৱ আছে ৷ সেই কাৰণে ৰাইজ উলাই আহিছে ৷ শংকৰ-মাধৱৰ কথা ক'লে ৰাইজক ধৰি ৰাখিব নোৱাৰি বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে, ৰাজ্যত অব্যাহত থকা ব্যাপক ভেকচিন প্ৰদানৰ ক্ষেত্ৰতো মন্তব্য প্ৰকাশ কৰে ড৹ শৰ্মাই ৷ তেওঁ কয়, প্ৰত্যেক দিনে 2 লাখ 60 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷ মঙলবাৰেও 2.60 লাখৰ পৰা 3 লাখ লোকক ভেকচিন প্ৰদান কৰা হ'ব ৷ অহা 15 আগষ্টৰ ভিতৰত ক'ভিডৰ প্ৰথম পালি ভেকচিন প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ কৰা হ'ব বুলি সদৰি কৰি বুধবাৰে নতুন নিৰ্দেশনা জাৰি কৰা কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত কৰা মন্তব্যত সাংসদ গৌৰৱ গগৈক উভতি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, মাইক্ৰ'ফাইনেন্স কোম্পানী ভালৰ বাবে মুখ্যমন্ত্ৰীয়ে কাম কৰিছে বুলি সদৰি কৰিছিল সাংসদ গৌৰৱ গগৈয়ে ৷ এই বিষয়ত সাংসদ গৌৰৱ গগৈয়ে অংক নাজানে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ৷

12 হাজাৰ কোটি ধাৰ কমাই 8 হাজাৰ কোটি কৰা হ'ল ৷ 4 হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হ'ল মাইক্ৰ'ফাইনেন্স কোম্পানী ৷ যিসকলে ঋণ ঘূৰাব পৰা নাই সেইসকলৰ বাবে ঋণ ঘূৰাই দিয়া ব্যৱস্থা কৰা আশ্বাস দিয়াৰ লগতে যিসকলে নিয়মীয়া কৈ ঋণ ঘূৰাই দি আছে সেই সকলক পুৰষ্কৃত কৰিম বুলি কোৱাটো কেতিয়াও ভূল কৰা নহয় বুলি সাংসদ গৌৰৱ গগৈক উভতি ধৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত থকা মহিলা সকলৰ প্ৰতিবাদৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, মহিলা সকলে এতিয়াও ভালদৰে বুজি পোৱা নাই ৷ কংগ্ৰেছে মহিলা সকলৰ আগত ভূল ব্যাখ্যা কৰিলে মহিলা সকলে প্ৰতিবাদ কৰাটো স্বাভাৱিক ৷ 15 বছৰ শাসন কালত কংগ্ৰেছে সাহস নকৰা 22 লাখ লোকৰ জীৱন স্পৰ্শ কৰা আঁচনি বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰিছে বুলি প্ৰত্যাহ্বান সূচক মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

"চৰকাৰ বিদ্যালৰ শিক্ষয়ত্ৰী যদি মাইক্ৰ'ফাইনেন্সৰ আন্দোলনকাৰীৰ নেত্ৰী হলে চৰকাৰে কেতিয়াও সমৰ্থন নকৰে ৷ অসমক যদি 5 খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ মাজলৈ নিবলে হ'লে কিছুমান নীতি-নিয়ম মানি চলাতো অতি প্ৰয়োজন ৷" সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷

লগতে পঢ়ক: প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছে বাক্সাৰ দাৰাগাঁৱত

Last Updated : Jun 22, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.