ETV Bharat / state

বদৰুদ্দিন আজমল আৰু ভূপেন বৰা আঁঠুৱাৰ তলৰ মহ: মানৱ ডেকা

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:38 PM IST

Updated : Dec 1, 2023, 2:40 PM IST

বদৰুদ্দিন আজমল আৰু ভূপেন বৰা আঁঠুৱাৰ তলৰ মহ- লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকা । বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত এআইডিএফৰ বদৰুদ্দিন আজমল আৰু প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা প্ৰাসংগিক নহয় বুলিও কয় বিজেপি বিধায়কগৰাকীয়ে ।

BJP MLA manab deka slams AIUDF AND CONGRESS IN LAKHIMPUR
অপ্ৰাসংগিক এআইডিএফ আৰু প্ৰদেশ কংগ্রেছ

লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকা

লখিমপুৰ, 1 ডিচেম্বৰ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে ৰাজনৈতিক নেতাবোৰৰ মাজত পৰিলক্ষিত হৈছে বাৰযুদ্ধ ৷ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাক আঠুৱা তলৰ ম’হ আখ্যা দিলে বিজেপি বিধায়ক মানৱ ডেকাই । ইয়াৰোপৰি, বৰ্তমানৰ প্ৰেক্ষাপটত বদৰুদ্দিন আজমল আৰু প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা প্ৰাসংগিক নহয় বুলিও কয় বিজেপি বিধায়কগৰাকীয়ে ।

বিজেপি বিধায়ক মানৱ ডেকাই কয়, "আজমলৰ অসমৰ সমাজ জীৱনলৈ কোনো অৱদান নাই । গৌৰৱ গগৈয়ে অসমত নিৰ্বাচন খেলিব পাৰিব । নিৰ্বাচন খেলি ফুৰ্তি কৰিব পাৰিব, নিৰ্বাচন খেলাৰ আমেজহে ল’ব পাৰিব পাৰিব কংগ্রেছে । কিন্তু প্ৰতিদ্বন্দিতাৰ শাৰীলৈ নাহে দলটো ।"

বিধায়ক মানৱ ডেকাই দুয়োটা দলকে আক্রমণ কৰি কয়, "কংগ্রেছ আৰু এআই ইউডিএফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি । ভাৰতীয় মূল সুঁতিৰ অসমীয়া মানুহৰে তেওঁলোকৰ সম্পর্ক নাই । দুয়োটা দল বাংলাদেশী প্ৰৱজনকাৰী ভোটৰ ওপৰত নিৰ্ভৰশীল । সেই ভোটখিনি যাতে বিভাজন নহয় তাৰ বাবে দুয়োটা দলে ভিতৰুৱাকৈ মিত্ৰতা ৰাখিছে ।"

বিধায়ক ডেকাই কয়, "তেওঁলোকৰ বক্তব্যৰ স্ক্ৰীপ্ট একেখনেই । সময় মতে কেৱল নামবোৰ সলনি কৰে ।" উল্লেখ কৰা প্ৰয়োজন যে, যিমানেই লোকসভা নির্বাচনৰ বতাহ বলিবলৈ লৈছে সিমানেই শাসক-বিৰোধী উভয় দলসমূহ ইটো আনটোৰ বিৰুদ্ধে আক্রমণাত্মক হৈ উঠিছে । চোকা বাক্যবাণেৰে প্ৰতিপক্ষক দুৰ্বল কৰাৰ প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে দলসমূহে । প্ৰতিদিনে শাসক-বিৰোধী দলৰ নেতা-কৰ্মীয়ে আগবঢ়োৱা এনে মন্তব্যই সংবাদ মাধ্যমৰ লগতে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লভাও দেখা গৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰা কিয় বিশেষ ফৰ্মুলা বিচাৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ?

Last Updated : Dec 1, 2023, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.