মুখ্যমন্ত্ৰীৰ পৰা কিয় বিশেষ ফৰ্মুলা বিচাৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ?
Published: Nov 19, 2023, 11:57 AM

মুখ্যমন্ত্ৰীৰ পৰা কিয় বিশেষ ফৰ্মুলা বিচাৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ?
Published: Nov 19, 2023, 11:57 AM
গোলাঘাট জিলাৰ খুমটাই সমষ্টিত কেইবাটাও কাৰ্যসূচী লৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । সংবাদ মাধ্যমৰ সমুখত বিজেপি দলৰ লগতে AIUDF কো তীব্ৰ ভাষাৰে সমালোচনা সাংসদগৰাকীৰ (MP Gaurav Gogoi slams BJP and Badruddin Ajmal)৷
গোলাঘাট, 19 নৱেম্বৰ : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ ৷ গোলাঘাটৰ খুমটাই সমষ্টিৰ বেতিয়নী চাহ বাগিচাত শনিবাৰৰ নিশা উপস্থিত হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ । সাংসদ পূঁজিৰ পৰা বাগিচাখনলৈ এখন এম্বুলেন্স প্ৰদান কৰি সংবাদ মাধ্যমৰ সন্মুখত দলটোৰ লগতে শাসকীয় বিজেপিৰ কাম-কাজক সমালোচনা কৰে সাংসদগৰাকীয়ে ।
সংবাদ মাধ্যমৰ সমুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আওপকীয়াকৈ কটাক্ষ কৰি সাংসদগৰাকীয়ে কয়, "যিসময়ত প্ৰতিগৰাকী নাগৰিকৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল নহয়, তেনে সময়তে ৰাজ্যৰ এটা ৰাজনৈতিক পৰিয়ালে ঠায়ে ঠায়ে বাগান কিনিছে, ৰিজ’ৰ্ট ক্ৰয় কৰিছে ৷ অৰ্থনৈতিক এনে অৱস্থাৰ সময়ত কেনেদৰে দিছপুৰৰ বিশেষ পৰিয়ালটো ইমান ধনী হৈছে তাৰ ফৰ্মুলাটো ৰাজ্যবাসী তথা যুৱকসকলক শিকাই দিব লাগে’’ ।
গোলাঘাট জিলাত সাংসদ উন্নয়ন পূঁজিৰ পৰা গৌৰৱ গগৈয়ে যিমান এম্বুলেন্স দিবলৈ সক্ষম হৈছে সিমান বিজেপি দলেই দিব পৰা নাই বুলিও দাবী কৰে সাংসদগৰাকীয়ে ৷ আজমল সন্দৰ্ভত মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে কয়, "আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই-ভাই । আজমলে হিন্দুসকলক লৈ বিতৰ্কিত মন্তব্য আগবঢ়ায় আৰু হিমন্ত বিশ্বই সংখ্যালঘু সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰে ৷ দুইজন ককাই-ভাই ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিবলৈকে আপত্তিজন কথা কোৱাৰ লগতে মানুহৰ মাজত ঘৃণা ভাব আৰু হিংসাৰ বাতাবৰণ সৃষ্টি কৰে বুলি চাঞ্চল্যকৰ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ এই ধৰণৰ ৰাজনীতি বেছি দিন নচলে বুলিও কয় গৌৰৱ গগৈয়ে ৷
ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছত থাকোঁতে বাগিচাৰ লোকৰ হৈ মাত মাতিছিল বুলি উল্লেখ কৰি বাগিচাৰ লোকসকলক বিজেপিয়ে ৰাজনৈতিকভাৱে দুৰ্বল কৰি পেলাইছে বুলিও কয় । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভৰি তলত এতিয়া মাটি নাই বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ যদি ইমান আত্মবিশ্বাস আছে তেন্তে লোকসভা নিৰ্বাচনৰ সময়ত কিয় সমষ্টি পুনৰ ৰ্নিধাৰণ কৰিবলগা হ’ল বুলিও প্ৰশ্ন তোলে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷
